বিশ্বনাথৰ বালিপুখুৰীত অঘটন...

বিশ্বনাথৰ বালিপুখুৰীত অঘটন । চলন্ত গাড়ীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ । কথমপি প্ৰাণ ৰক্ষা চালকৰ
বিশ্বনাথৰ বালিপুখুৰীত অঘটন...

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ বালিপুখুৰীত অঘটন । চলন্ত গাড়ীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ । কথমপি প্ৰাণ ৰক্ষা চালকৰ ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, শনিবাৰে পুৱা প্ৰায় ১১ মান বজাত বালিপুখুৰী মজলীয়া বিদ্যালয় সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা অতি পুৰণি বৰগছ এজোপা উভালি পৰে ।

সেই সময়ত পথেৰে গহপুৰ দিশৰ পৰা অহা এখন চলন্ত মালবাহী ডাম্পাৰত পৰে গছ জোপা। ফলত ডাম্পাৰখন যথেষ্ট ক্ষতিসাধন হ’য় ।

অতি পুৰণি হোৱাৰ ফলত গুৰি পচি আৰু বৰষুণত গছৰ গুৰিৰ মাটি কোমল হৈ পৰাৰ বাবেই গছজোপা উভালি পৰা বলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে থকা অতি পুৰণিকলীয়া গছসমূহ কাটি তাৰ পৰিৱৰ্তে নতুনকৈ গছপুলি লগাবলৈ বন বিভাগ আৰু জিলা প্ৰসাশনক ৰাইজে অনুৰোধ জনায় ৷

কিয়নো, ডাম্পাৰৰ সলনি যাত্ৰীবাহী বাছ হোৱা হ'লে হয়তো বহুলোকৰ প্ৰাণ গ'ল হেঁতেন বুলি ৰাইজে শংকা প্ৰকাশ কৰিছে ৷

বিশ্বনাথৰ বালিপুখুৰীত অঘটন...
কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in