কা-বিৰোধী প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়, PGSU-ABVPৰ মাজত হোৱা সংঘাতত আহত বহু...

সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন আৰু ABVPৰ মাজত হোৱা সংঘাতত কেইবাজনো ছাত্ৰ আহত হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
কা-বিৰোধী প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়, PGSU-ABVPৰ মাজত হোৱা সংঘাতত আহত বহু...

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন আৰু ABVPৰ মাজত হোৱা সংঘাতত কেইবাজনো ছাত্ৰ আহত হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

 আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰিছিল কা- বিৰোধী প্ৰতিবাদ।আনহাতে বি কে বি প্ৰেক্ষাগৃহত একে সময়তে আছিল ABVP ৰাজ্যিক ছাত্ৰ নেতা সন্মিলন।

PGSU ৰ নেতাই অভিযোগ কৰা অনুসৰি ABVP ৰাজ্যিক ছাত্ৰ নেতা সন্মিলনত বেছিভাগ বাহিৰৰ মানুহে প্ৰৱেশ কৰিছে। তাত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ নাই। তেওঁলোকে যেতিয়া কা বিৰোধী আন্দোলন কৰি আছিল তেতিয়াই তেওঁলোকৰ মাজত সংঘাত হয়। সংঘাতত ৫-৬ জন ছাত্ৰ আহতও হয়।

সংঘাতৰ সময়ত ABVP য়ে সমদল কৰি আহি আছিল আৰু কা বিৰোধী প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছিল। ছাত্ৰ সংগঠনটোৱে এবিভিপি হায় হায় হায়, এবিভিপি গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিস্থিতি। তাৰ পাছতে দুয়োটা ছাত্ৰ সংগঠনৰ মাজত মাৰপিটো হয়।

আনহাতে ABVPয়ে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ সন্মিলন শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হৈছে। ইয়াৰ বাবে তেওঁলোকে অনুমতিও লাভ কৰিছিল। কোনো দুস্কৃতিকাৰীয়ে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত তেওঁলোকে তদন্ত কৰিব বুলি জনায়।

উল্লেখ্য যে, আজি গুৱাহাটী বিশ্ববিদ্যলয় ছাত্ৰ সংগঠনে ক'লা পতাকা উৰুৱাই কা-ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে আৰু প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি জনায়।

Also Read: লোকসভা নিৰ্বাচন: বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৮,০৬,৫১৮ গৰাকী

PGSU abvp gauhati university