NEET ৰ ফলাফলত জিলিকি উঠিল কামপুৰৰ আবু চৈয়দ আনচাৰী

NEET ৰ ফলাফলত জিলিকি উঠিল কামপুৰৰ আবু চৈয়দ আনচাৰী

author-image
Asomiya Pratidin
New Update
NEET ৰ ফলাফলত জিলিকি উঠিল কামপুৰৰ আবু চৈয়দ আনচাৰী

ডিজিটেল সংবাদ,কামপুৰঃ সদ্য ঘোষিত NEET পৰীক্ষাৰ ফলাফলত ৫৫১ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ জিলিকি উঠিল কামপুৰৰ অতিকৈ বানত বিধ্বস্ত এলেকা হিচাপে পৰিচিত ডাবলুৰ আবু চৈয়দ আনচাৰী। কাকতি গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ আৰম্ভ কৰা আবু চৈয়দ আনচাৰীয়ে ২০১৯ বৰ্ষত কামপুৰৰ বাহাকাৰী পৰা ৮৭% নম্বৰৰে ডিষ্টিংচন নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা আনচাৰী ২০২১ বৰ্ষত কামপুৰৰ জ্ঞানদ্বীপ জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত ৯৩ শংতাশ নম্বৰৰে উত্তীৰ্ণ হৈছিল।

Advertisment

উল্লেখ্য যে ২০২২বৰ্ষত NEETপৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সেইখিনি সময়ত হোৱা প্ৰৱল বানপানীত ঘৰ -বাৰী এৰি কাকতিগাঁও ৰেলগেটৰ কাষত শিবিৰত আশ্ৰয় ল'বলগীয়া অৱস্থাৰ বাবে সম্পূৰ্ণ কৈ পৰীক্ষা দিব পৰা নাছিল। আবু চৈয়দ আনচাৰী জন্মগাঁও ডাবলু কামপুৰ ৰাজহ চক্ৰৰ ভিতৰতে অতিকে পিছপৰা।

বছৰৰ অধিকাংশ সময় পানীত ডুব গৈ থকা গাওঁখনত বাৰিষা হলেই একাঠু বোকা হয়।ৰহা সমষ্টিৰ এই গাওঁ খনত বাৰিষাত চাইকেলৰেও যাতায়ত কৰিব নোৱাৰি। এনে এখন পিছ পৰা গাৱৰ অতি দৰিদ্র পৰিয়ালৰ মেধাৱী ছাত্র আনচাৰীয়ে মঙ্গলবাৰে ঘোষিত NEET পৰীক্ষাৰ ফলাফলত উত্তীর্ণ হোৱা চন্দ্রপলে AIMSত নামভর্তি কৰিবলৈ সুবিধা পোৱাৰ সম্ভাৱনা আছে।

অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই পৰ্যায় পোৱা আবু চৈয়দ আনচাৰী এক আদৰ্শ বুলি অভিহিত কৰিছে বিদ্বৎ মহলে। তেওঁ ডাবলুৰ ইদ্দিছ আলিৰ পুত্ৰ। উল্লেখযোগ্য যে ঘৰৰ অৱস্থা অতি শোচনীয় ইদ্দিছ আলিৰ আন দুজন পুত্ৰও MBBS বুলি জানিব পৰা গৈছে।

আবু চৈয়দ আনচাৰী এই সফলতাত গৌৰৱবোধ কৰিছে কাকতিগাৱৰ লগতে কামপুৰবাসীয়ে।আজি কাকতিগাৱত কাকতিগাঁও আঞ্চলিক আমছুৱো আবু চৈয়দ আনচাৰীক বিপুল সম্বৰ্ধনা জনায়।

Also Read: ধেমাজিত বিশ্ব ৰক্তদাতা দিৱস উদযাপন

kampur NEET