ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ হাটশিঙিমাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা হাটশিঙিমাৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ আৰবী বিভাগৰ টিউটৰ শিক্ষক আবু হাছান আহমেদ যোৱা নিশা আত্মহত্যা কৰা ঘটনাক লৈ জিলা খনত গভীৰ শোকৰ ছাঁ পেলাইছে।
উল্লেখযোগ্য যে যোৱা নিশা প্ৰায় ১২ বজাত নিজ ঘৰতে আবু হাছান আহমেদ ডিঙিত ৰচীৰে চিপ লৈ আত্মহত্যা কৰে । দৰিদ্ৰতা আৰু অত্যাধিক মানসিক চিন্তাৰ ফলত আত্মহত্যা কৰা প্ৰাথমিক পৰ্যায়ত পোহৰলৈ আহিছে । ২০২১ চনত তেওঁ হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চৰকাৰী ভাৱে টিউটৰ শিক্ষক পদত নিযুক্তি লাভ কৰিছিল।
তেঁওৰ চাকৰি নিয়মীয়া হ’বলৈ বি.এড ডিগ্ৰীৰ প্ৰয়োজন হোৱা বাবে যোৱা প্ৰায় দুবছৰ পূৰ্বে গোৱালপাৰা বিএড কলেজত নাম ভৰ্তি কৰে। প্ৰথম বছৰৰ পৰীক্ষা সমাপ্ত হোৱাৰ পাচত দ্বিতীয় বছৰৰ পাঠ্যক্ৰম চলি থকাৰ মাজত তেওঁ বিগত দুই-তিনি মাহ ধৰি মানসিক অশান্তিত ভূগি আছিল। বিশেষকৈ টিউটৰ শিক্ষকৰ পদত চাকৰি পোৱা হাছানে বিএড ডিগ্ৰী লোৱাত যদি পাছ কৰিব নোৱাৰে তেন্তে তেওঁ কৰ্মৰত স্কুলৰ ছাত্ৰ-ছাত্ৰীক কেনেকৈ পাঠদান দিব তাক লৈ মানসিক অশান্তিত ভূগি থকা বুলি জানিব পৰা গৈছে।
এনেকি সৰুৰে পৰা ধৰ্মপ্ৰাণ হাছানে নামাজৰ সময়ত পঢ়িবলগীয়া দোৱা-মোনাজাত খিনিও সময়ে সময়ে পাহৰি গৈছিল। বিষয়টোক লৈ তেঁও বন্ধুবৰ্গ তথা বিভিন্ন জনৰ সৈতে আলোচনাও কৰিছে। ইতিপূৰ্বে তেওঁ নিজকে পৃথিৱীৰ পৰা শেষ কৰি দিব বুলিও বাৰে বাৰে পৰিয়ালৰ লোকৰ ওচৰত কৈ অহাৰ ফলত পৰিয়ালৰ লোকে তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ ধৰিছিল।
গুৱাহাটীত চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা চলাই থকাৰ পাচতো দিনক দিনে তেঁওৰ চিন্তা বৃদ্ধি পোৱাত যোৱা নিশা পৰিয়ালৰ লোক টোপনীত যোৱাৰ লগে লগে চৰম সিদ্ধান্ত গ্ৰহন কৰে । এই ঘটনাই সমগ্ৰ জিলাখনত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। তেওঁ টিউটৰ শিক্ষকৰ নিযুক্তি পোৱাৰ পূৰ্বে প্ৰতিদিন টাইমৰ হাটশিঙিমাৰীৰ স্থানীয় সাংবাদিক হিচাপে কৰ্মত নিয়োজিত হৈ আছিল।
আজিৰ অসম বাতৰি কাকতৰ জৰিয়তে তেওঁ ২০০৮ চনত সাংবাদিকতা আৰম্ভ কৰিছিল। শেহতীয়াকৈ তেওঁ অসমীয়া খবৰ কাততো লিখা-মেলা কৰিছিল যদিও টিউটৰ শিক্ষক হিচাপে নিযুক্ত পাই সাংবাদিকতাৰ পৰা একপ্ৰকাৰে তেওঁ অৱসৰ লৈছিল।শিক্ষক, জ্যেষ্ঠ সাংবাদিক আবু হাছান আহমেদৰ এই ঘটনাৰ পাচত খাৰুৱাবান্ধা আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী কলেজ মহাবিদ্যালয় হাস্পাতালত প্ৰেৰণ কৰিছে।
তেওঁৰ মৃত্যুৰ পাছত হাটশিঙিমাৰী প্ৰেছ ক্লাৱত শোক পালন কৰাৰ লগতে হাটশিঙিমাৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলতো শোক সভা পালন কৰি আজিৰ বাবে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন বন্ধ ৰখা হৈছে। মৃত্যুৰ সময়ত তেওঁ এটি কনমানি কন্যা শিশু আৰু পত্নীক এই সংহাৰত এৰি থৈ গৈছে। কিন্তু দৰিদ্ৰতা আৰু অতিৰিক্ত চিন্তাৰ কাৰণে এজন সত্যবাদী নিষ্ঠাবান শক্তিশালী সাংবাদিক, শিক্ষকে এনে চৰম পন্থা বাছি লব পৰাটো অতিকৈ চিন্তাৰ বিষয় হৈ পৰিছে।