বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবী এবছুৰ

কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য পদৰ পৰা অতি শীঘ্ৰে অপসাৰণ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই চমুকৈ এবছুই ৷

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু  সিঙক অপসাৰণৰ দাবী এবছুৰ

ডিজিটেল সংবাদ, কোকৰঝাৰঃ কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য পদৰ পৰা অতি শীঘ্ৰে অপসাৰণ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই চমুকৈ এবছুই ৷ উপচাৰ্য গৰাকীক অপসাৰণৰ দাবীত এবছুৰ কোকৰাঝাৰ জিলি সমিতিৰ কৰ্মকৰ্তাই বুধবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয় সন্মুখত লাইশ্ৰাম লাড্ডু সিং গ’ বেক , উই ৱান্ট জাষ্টিছ আদি বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ।

Advertisment

উল্লেখ্য যে, ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকীক শাখাই বিত্তীয় অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোত ২০২২ ৰ ৩০ মেত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷ উক্ত গোচৰৰ ভিত্তিত উপাচাৰ্য সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৯৮৮ পিচিৰ অধীনত ০১/২০২২ ইউ/এছ১২০বি/৪২০/৪০৯ আইপিচি আৰ/ডব্লিউ ছেকছন ১৩(এ)/১৩(২) ধাৰাবোৰ জাপি দিয়া হৈছে । ইয়াৰ পাছতে উপাচাৰ্য গৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আছে ।

ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলি অভিযোগ কৰি এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক বিনয় বসুমতাৰীয়ে আতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য ড° লাইশ্ৰাম লাডু সিঙক অপসাৰণ কৰি নতুন এগৰাকী উপচাৰ্য নিয়োগ কৰাৰ দাবী জনায়।

Also Read: নমামী গংগা প্রকল্পত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ বৰ্তমান পৰ্যন্ত ১৫জনৰ মৃত্যু

protest