পশ্চিম বংগত এবছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৬ তম প্ৰতিষ্ঠা দিৱস বুধবাৰে এদিনিয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
পশ্চিম বংগত এবছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, কোকৰাঝাৰ: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৬ তম প্ৰতিষ্ঠা দিৱস বুধবাৰে এদিনিয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থা আৰু পশ্চিম বংগ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত পশ্চিম বংগৰ আলিপুৰ কৰদাংগাৰ জলেনেশ্বৰীত এই দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি সন্থাৰ প্ৰাৰ্থনাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকাখন উত্তোলন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োই ।

Advertisment

বডোফাৰ প্ৰতিচ্ছবিত মল্যাৰ্পন কৰে পশ্চিম বংগ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক নিকদিমাছ হাজাৰীয়ে । বডোলেণ্ডৰ শ্বহীদ সকলৈ মল্যাৰ্পন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰীয়ে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ শ্বহীদ তথা মৃতক সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিচ্ছবিত মল্যাৰ্পন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা পূব কোকৰাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইচলাৰীয়ে ।

শান্তি আৰু একতাৰ বাবে পাৰো চৰাই আৰু বেলুন উৰাই দিয়ে পশ্চিম বংগ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক সুবিন সৈবো, কুমাৰগ্ৰাম পঞ্চায়ত সমিতিৰ উপ সভাপতি বিপ্লৱ নাৰ্জীনাৰী, কৰদাংগা জলেনেশ্বৰী হাইস্কুলৰ প্ৰধান শিক্ষক সিৰুপ বসুমতা, কামাখ্যাগুৰী মিচন হাইস্কুলৰ প্ৰধান শিক্ষক বলেন্দ্ৰ মচাৰী, কামাখ্যাগুৰী মিচন ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী মমতা বসুমতা আৰু হালদৈবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সঞ্জয় নাৰ্জীনাৰীয়ে ।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৰ সঞ্চালনাত অনুষ্ঠিত হোৱা " বড়ো জনগোষ্ঠীক গঠন কৰাত ৫৬ বছৰ গৌৰৱ আগুৱা আৰু নিজকে উছৰ্গা " শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক তথা কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ সুৰথ নাৰ্জাৰীয়ে। উক্ত অনুষ্ঠানতে অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে আলিপুৰ দুৱাৰ সমষ্টিৰ বিধায়ক সুমন কন্জিলালে । আজিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপনত আলিপুৰ দুৱাৰৰ লগতে পশ্চিম বংগৰ জনগণ, বিভিন্ন দল- সংগঠনৰ নেতা-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে।

আৰু পঢ়ক: ভয়ংকৰ অভিযোগ! বাল্য বিবাহৰ ভুৱা গোচৰ জাপি আৰক্ষীয়ে আটক কৰিলে যুৱকক

ABSU