ভয়ংকৰ অভিযোগ! বাল্য বিবাহৰ ভুৱা গোচৰ জাপি আৰক্ষীয়ে আটক কৰিলে যুৱকক

ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰৰ অন্তগৰ্ত বৰদলনি মৌজাৰ লটাক গাঁৱত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভয়ংকৰ অভিযোগ! বাল্য বিবাহৰ ভুৱা গোচৰ জাপি আৰক্ষীয়ে আটক কৰিলে যুৱকক

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰৰ অন্তগৰ্ত বৰদলনি মৌজাৰ লটাক গাঁৱত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি গোগামুখ আৰক্ষীয়ে এজন নিৰপৰাধী যুৱকক বাল্য বিবাহৰ আইনৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে ৰাজদ্বীপ পেগু নামৰ যুৱক জনে ২০২১ চনৰ ছেপ্টেম্বৰ মাহতেই লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ টনীৰাম দলেৰ কন্যা কৃষ্ণামনি দলেক সামাজিকভাৱে বিবাহ কৰাইছিল ৷ সেই সময়ত যুৱতী গৰাকীৰ বয়স ১৮ বছৰতকৈ ওপৰত আছিল।

কিন্তু গোগামুখ আৰক্ষীয়ে বাল্য বিবাহৰ আইনৰ অধীনত ৩০/২০২৩ নম্বৰৰ গোচৰ ৰোজুৰ কৰি ৯ ফেব্ৰুৱাৰীত ৰাজদ্বীপ পেগুক ধেমাজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ পৰিয়ালে গোগামুখ আৰক্ষীক বাৰম্বাৰ অৱগত কৰে যে তেওঁলোকৰ ল'ৰা আৰু ছোৱালী বয়স বিবাহৰ সময়ত উপযুক্ত আছিল।

কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত মঙলবাৰে পৰিয়ালে ধেমাজিৰ বিশেষ দণ্ডাধীশ আদালতৰ পৰা গোচৰ সম্পৰ্কে সবিশেষ লিখিত তথ্য পোৱাৰ পাছতহে প্ৰকৃত ৰহস্যৰ তথ্য ফাদিল হয় ৷

আৰক্ষীয়ে আদালত দাখিল কৰা প্ৰতিবেদনৰ বিৱৰণী অনুসৰি ৰাজদ্বীপ পেগুৱে ১৬ বছৰীয়া এগৰাকী নাবালিকাক দুবছৰ আগতেই ঘৰ আৰু পৰিয়ালৰ মতৰ অবিহনেই বল প্ৰয়োগ কৰি বিবাহ কৰাইছিল। এই অভিযোগ সম্পূৰ্ণ মিছা বুলি কৈছে পৰিয়ালৰ লোকে।

আৰক্ষীয়ে আদালতত দাখিল কৰা তথ্যত উল্লেখ কৰা মতে বৰ্তমানেও ৰাজদ্বীপ পেগুৱে বিবাহ কৰোৱ ছোৱালীজনী অন্তঃসত্ত্বা অৱস্থাত আছে বুলি উল্লেখ কৰিছে । কিন্তু গ্ৰেপ্তাৰ হোৱা যুৱক ৰাজদ্বীপৰ পত্নী নাম কৃষ্ণামনি দলেহে আৰু বৰ্তমান তেওঁৰ এটি ডেৰ মহীয়া সন্তানৰ মাতৃ৷

উল্লেখ্য যে স্থানীয় লটাক লাট গাওঁবুঢ়াই ৰাজদ্বীপ পেগু আৰু কৃষ্ণামনি দলেৱে সামাজিকভাৱে যোৱা ২৬ ছেপ্তেম্বৰ ২০২১ চনত বিবাহ হোবাটো সত্য বুলি গাওঁৰ বাসিন্দা হিচাপে ইতিমধ্যে পৰিয়ালক প্ৰমান পত্ৰও প্ৰদান কৰিছে ৷ এনে মিছা গোচৰত গোগামুখ আৰক্ষীয়ে ৰাজদ্বীপ পেগুক গ্ৰেপ্তাৰ কৰা ঘটনাক শীঘ্ৰেই তদন্ত কৰি নিৰ্দোষীক জেলৰ পৰা মোকলাই দিয়াৰ আহ্বান জনাইছে। লগতে গোগামুখ আৰক্ষীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পৰিয়াল বৰ্গই কাতৰ অনুৰোধ জনাইছে৷

আৰু পঢ়ক: ৰাজ্যসভাত ৰঞ্জন গগৈঃ প্ৰশ্ন 0, উপস্থিতি ৩০ শতাংশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in