সম্পন্ন হ'ল এবিএমছুৰ সাধাৰণ নিৰ্বাচন

শনিবাৰে অনুষ্ঠিত এবিএমছুৰ সাধাৰণ নিৰ্বাচনত সভাপতি ৰূপে টাইছন হুছেইন নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
সম্পন্ন হ'ল এবিএমছুৰ সাধাৰণ নিৰ্বাচন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ শনিবাৰে অনুষ্ঠিত এবিএমছুৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত টাইছন হুছেইন নিৰ্বাচিত হোৱাৰ বিপৰীতে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় জাহিদুল ইছলাম । উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ছালাকাটিত শনিবাৰৰে পৰা অনুষ্ঠিত হোৱা এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত সমাপন হয় এই নিৰ্বাচনী প্ৰক্ৰিয়া।

Advertisment

এবিএমছুৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। এবিএমছুৰ ১০ খন জিলা সমিতিৰ ২৫০ গৰাকী প্ৰতিনিধিয়ে এই নিৰ্বাচনত ভোটদান সাব্যস্ত কৰে। বিয়লি ৫ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ নিশা ৯ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব।

ভোটগণনাৰ অন্তত টাইছন হুছেইনে সৰ্বমুঠ ১৫১ টা ভোট লাভ কৰি সভাপতি পদত আৰু সাধাৰণ সম্পাদক পদত জাহিদুল ইছলামে ১০৫ টা ভোট লাভ কৰি জয়ী হয়। জয়লাভৰ পিছতে সভাপতি টাইছন হুছেইন আৰু সাধাৰণ সম্পাদক জাহিদুল ইছলামে সকলোলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

Also Read: অসমত ড্ৰাগছ যোগান ধৰিবলৈ আহি মানকাচাৰ আৰক্ষীৰ জালত মেঘালয়ৰ যুৱক

abmsu