''যদি ভাগ্যত আছে তেন্তে ৰাজনাথ সিং হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী''

''যদি ভাগ্যত আছে তেন্তে ৰাজনাথ সিং হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী''

ডিজিটেল ডেস্কঃ পুনৰ মুখ খুলিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক উপযুক্ত প্ৰাৰ্থী বুলি তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত তেওঁ কয় যে , "যদি এয়া তেওঁৰ(ৰাজনাথ সিং) ভাগ্যত থাকে, তেন্তে তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিব। ৰাজনাথ সিং সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে, "মই তেওঁৰ বিষয়ে কেনেকৈ মন্তব্য কৰিব পাৰোঁ। তেওঁ এজন 'চিৰিয়াছ প্ৰধানমন্ত্ৰী' পদৰ প্ৰাৰ্থী । আৰু যদি ভাগ্যত থাকে তেন্তে তেওঁ নিশ্চিতভাৱে (প্ৰধানমন্ত্ৰী) হ'ব পাৰিব।

চিকাৰৰ চাৰ্কিট হাউচত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মালিকে কয়, "বৰ্তমানৰ পৰিস্থিতি বিজেপিৰ বাবে কঠিন। প্ৰধানমন্ত্ৰীয়ে আদানি গোচৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাই। তেওঁ সংসদত কথা কৈছে কিন্তু আদানি গোচৰৰ ওপৰত একো কোৱা নাছিল। যদি তেওঁ সেই বিষয়ে কথা নকয় তেন্তে ক্ষতি হ'ব। লগতে তেওঁ পুলৱামা বিষয়টো সন্দৰ্ভতো স্পষ্ট কৰা উচিত।

লগতে কয় যে, যদি বিৰোধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী দিয়ে তেন্তে মোডী হাৰি যাব। কিয়নো সিদ্ধান্ত জনতাই লয়।

''যদি ভাগ্যত আছে তেন্তে ৰাজনাথ সিং হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী''
নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in