মেৰাপানীত আছুৰ উত্তাল প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে মেৰাপানীতো দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মূলত বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
মেৰাপানীত আছুৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, মেৰাপানীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে মেৰাপানীতো দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মূলত বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আছুৰ কাৰ্যালয়ৰ পৰা মেৰাপানী নগৰ পৰিভ্ৰমণ কৰি আছুৰ সদস্য সকলে কয় যে অতিশীঘ্ৰেই ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। মাতৃভাষাৰ মাধ্যম বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহব,শিক্ষামন্ত্ৰী হায় হায়, অসম চৰকাক হায় হায় শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোয়ে।

Also Read: বৰহোলাত চাইকেল ৰেলীৰে আছুৰ উত্তাল প্ৰতিবাদ

#assamgovernment aasu protest aasu