/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/15e8d53b-55a8-42d7-8102-64c995a0e398/rly.jpg)
ডিজিটেল সংবাদ,লামডিং : ৰে'ল দুৰ্ঘটনাত নিহত লামডিঙৰ এগৰাকী ৰে'লৱে কৰ্মচাৰী। মৃত ব্যক্তিগৰাকী হ'ল লামডিঙৰ মাষ্টাৰ কলনি নিৱাসী এছ কে গুপ্তা ৷ কৰ্মৰত অৱস্থাত ৰে'লৰ খুন্দাত মৃত্যু হয় গুপ্তাৰ। ইফালে মৃত গুপ্তাক লাংছোলিএট ষ্টেচনত ক্ষত-বিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় ৷
উল্লেখ্য যে, এছ কে গুপ্তা ৰে'লৱেৰ Chief Travelling Ticket Inspectorৰ ৰূপে কৰ্মৰত আছিল ৷ জানিব পৰা মতে উজনিমুৱা জন শতাব্দী ৰে'লৰ খুন্দাত লাংছিলিএট ৰে'লৱে ষ্টেচনৰ ৰে'ল ট্ৰেকত দুৰ্ঘটনাট সংঘটিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/530a667d-da0b-4ce8-8461-42a3a0b193b6/ddf13670_70ce_4a61_af1a_63090745f1f1.jpg)
ইফালে প্ৰয়াত গুপ্তাৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
Also Read: জামুগুৰিহাটত গাঁও পঞ্চায়ত সদস্যক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ৰাজহুৱা সভা