/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1a85f5d8-d546-4117-a252-9bd82885aeb0/aasu.jpg)
ডিজিটেল সংবাদ,নামৰূপ : কেন্দ্ৰীয় সাৰ মন্ত্ৰীক সাক্ষাৎ আছুৰ সঁজাতী দলৰ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ লগতে নামৰূপ আঞ্চলিকৰ বিষয়ববীয়াৰ এটা সঁজাতী দলে মঙ্গলবাৰে নিশা কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াক নামৰূপ সাৰ কাৰখানাৰ স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত সাক্ষাৎ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6f2ce5ed-1a2c-4728-ad9b-f76adf2a3839/814692b7_3b84_4135_9981_4cbbfd2a2b3d.jpg)
নতুন দিল্লীৰ নির্মাণ ভৱনত সঁজাতী দলটোৱে মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ নিটি আয়োগৰ সিদ্ধান্ত আৰু নামৰূপ চতুর্থ গোট স্থাপন সন্দৰ্ভত আলোচনা কৰে। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অসীম ফুকনে আলোচনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে যে, নিটি আয়োগে গ্ৰহণ কৰা নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিল আৰু নামৰূপ চতুৰ্থ গোট নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্থাপনৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6a02095a-d80d-4764-9f8e-82e598b82155/ca18e512_d0c0_423e_ac87_efe4d7cc1fb9.jpg)
কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীয়ে নামৰূপ চতুর্থ গোট স্থাপন নোহোৱা পর্যন্ত নামৰূপ সাৰ কাৰখানাৰ পুৰণা গোট বন্ধ কৰা নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। চতুথ গোটৰ স্থাপনৰ বাবে প্ৰয়োজনীয় কাগজ-কলমৰ কাম শেষ কৰি কম দিনৰ ভিতৰত নামৰূপত চতুথ উৎপাদন গোট স্থাপনৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী জনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f96daa53-8cc8-473b-bd3f-fd4569060121/2c4f5bf9_2257_4b3a_bf4d_b6a89690a2c2.jpg)
অহা ছেপ্টেম্বৰ/অক্টোবৰ মাহত বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জনে নামৰূপ ভ্ৰমণলৈ অহাৰ কথাও সজাতী দলটোৰ আগত অৱগত কৰে। এই ভ্ৰমণৰ কালতে চতুর্থ গোট স্থাপনৰ ঘোষণা কৰাৰ লগতে অতিৰিক্তভাৱে প্ৰায় ৪০০ কোটি টকা বিনিয়োগেৰে নেন' ইউৰিয়া গোট স্থাপনৰ আধাৰশিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আছুৰ দলটোক।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও আলোচনাত মিলিত হয় আছুৰ সঁজাতী দলটো। সোণোৱালক উত্তৰ-পূবৰ একমাত্ৰ সাৰকাৰখানাটোৰ পুনৰ উজ্জীৱিতকৰণ তথা চতুর্থ গোট শীঘ্ৰেই নিৰ্মাণৰ বাবে গুৰুদায়িত্ব ল'বলৈ আছুৱে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6800b5e3-ea52-4b69-a58f-f30e5c84fc1a/72446200_63cf_4615_9131_e596ef6941b4.jpg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাৰ কাৰখানাটো বন্ধ নহয় বুলি আশ্বস্ত কৰে আছুৰ দলটোক লগতে চতুৰ্থ গোটৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ সৈতে কথা-বতৰা হৈ আছে বুলি জানিবলৈ দিয়ে। ইফালে চতুর্থ গোট নোহোৱা পৰ্যন্ত আছুৰ গণতান্ত্রিক আন্দোলন অব্যাহত থাকিব বুলি জ্ঞাত কৰিছে আছুৰ তৰফৰ পৰা ।
সঁজাতি দলটোত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তচেন ডেকা, কেন্দ্রীয় কার্যনির্বাহক সদস্য অনিল গগৈ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ আৰু নামৰূপ আছুৰ সভাপতি অসীম ফুকন উপস্থিত থাকে।
Also Read: কাজিৰঙা পৰ্যটনত নৱতম সংযোজন : প্ৰায় সাজু হৈ উঠিছে ভিণ্টেজ কাৰ