Advertisment

কলিয়াবৰত মুকলি বিহুত জেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ সহ ৬ গৰাকীক আছুৰ সম্বৰ্ধনা

কলিয়াবৰত মুকলি বিহুত জেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ সহ ৬ গৰাকীক আছুৰ সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত মুকলি বিহুত জেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ সহ ৬ গৰাকীক আছুৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ,কলিয়াবৰঃ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰে কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাই এইবেলিও পহিলা ব'হাগৰ দিনটোত বাৰেৰহণীয়া জাতীয়-জনগোষ্ঠীয় কৃষ্টিৰ সম্ভাৰৰে আয়োজন কৰে মুকলি বিহুৰ। কলিয়াবৰৰ সমন্বিত যুৱতীৰ্থই হুঁচৰিৰে আৰম্ভ কৰা এই অনুষ্ঠানত শিৱসাগৰৰ জাঁজীপৰীয়া বিহু দল, তেজপুৰৰ সুৰুযময়ী বিহুৱা দল আৰু কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাব বিহু দলে মুকলি বিহু পৰিৱেশন কৰাৰ লগতে গুৱাহাটীৰ কিশলয় গোষ্ঠীয়ে লোকবাদ্য আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিহু কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত পাঁচ শতাধিক কণ কণ নাচনী-ঢুলীয়াই একেলগে বিহু প্ৰদৰ্শন কৰে।

Advertisment

আনহাতে, মুকলি বিহুৰ লগত সংগতি ৰাখি লোক কলিয়াবৰৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা সংস্কৃতিৰ শিল্পী ৰবীন্দ্ৰ দাস,জেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ, সত্ৰীয়া শিল্পী অচ্যুৎ শইকীয়া আৰু কৃষক চিত্ৰসেন বসুমতাৰীক আছুৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ লগতে উদীয়মান সাংবাদিক ঝুনাকংকন ভূঞা আৰু উদীয়মান কণ্ঠশিল্পী জিষ্ণুব্ৰত শইকীয়া অভিনন্দন জ্ঞাপন কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

Also Read: চৰাইদেউৰ লাকুৱা চলা শ্যাম গাঁৱত "পয় চাংকেন" উদযাপন

bihu aasu