মেট্ৰিকৰ গণিত পৰীক্ষাঃ পাঠ্যক্রমৰ বাহিৰৰ প্রশ্নত শিক্ষাৰ্থীক নম্বৰ প্রদানৰ দাবী আছুৰ

মেট্ৰিকৰ গণিত পৰীক্ষাঃ পাঠ্যক্রমৰ বাহিৰৰ প্রশ্নত শিক্ষাৰ্থীক নম্বৰ প্রদানৰ দাবী আছুৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মেট্ৰিকৰ গণিত পৰীক্ষাত। পৰীক্ষা শেষ হোৱাৰ পাছতেই পুনৰ বিতৰ্কৰ মাজলৈ আহে ছেবা। অভিযোগ অনুসৰি গণিতৰ প্ৰশ্নকাকতত পাঠ্যক্ৰৰ বাহিৰৰ প্ৰশ্ন সন্নিবিষ্ট হৈছিল। কেৱল ইমানেই নহয় ভুল প্ৰশ্নও আছিল প্ৰশ্নকাকতত।

যাৰ বাবে ৰাজ্যজুৰি প্ৰতক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত শুকুৰবাৰে আছুৰ একাংশ প্ৰতিনিধি কাষ চাপে ছেবা কাৰ্যালয়ত। ছেবা কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বিষয়টো সমাধান কৰাৰ দাবী কৰে আছুই। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়নি আছুৰ। লগতে পাঠ্যক্রমৰ বাহিৰৰ প্রশ্নসমূহত শিক্ষাৰ্থীক উচিত নম্বৰ প্রদানৰ দাবী কৰে ছাত্ৰ সংগঠনটোয়ে।

এই সন্দৰ্ভত ছেবাৰ সচিবে মন্তব্য কৰে যে, বিষয়টো সন্দৰ্ভত ব’ৰ্ডে পৰ্যালোচনা চলি আছে। যদিহে পাঠ্যক্রমৰ বাহিৰৰ প্রশ্ন আহিছিল বিহিত ব্যৱস্থা লোৱা হ’ব।

উল্লেখ্য যে, ৰাজ্যজুৰি ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। একাংশ অভিভাৱকে আজি ছেবাৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সকলোৱে পৰীক্ষাৰ ভুল প্ৰশ্নৰ নম্বৰ প্ৰদানৰ দাবী কৰে।

মেট্ৰিকৰ গণিত পৰীক্ষাঃ পাঠ্যক্রমৰ বাহিৰৰ প্রশ্নত শিক্ষাৰ্থীক নম্বৰ প্রদানৰ দাবী আছুৰ
লিংগ পৰিবৰ্তন কৰি বিয়াৰ বাবে হেঁচা! চৰম পন্থা যুৱকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in