নাই কোনো বয়সৰ সীমা! আছুৰ মুখ্য উপদেষ্টা হৈ থাকিব সমুজ্জ্বল ভট্টাচাৰ্য...

নাই কোনো বয়সৰ সীমা! আছুৰ মুখ্য উপদেষ্টা হৈ থাকিব সমুজ্জ্বল ভট্টাচাৰ্য...

ডিজিটেল ডেস্কঃ আছুৰ অধিৱেশনত অনুষ্ঠিত প্ৰতিনিধি সভাত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। সিদ্ধান্ত অনুসৰি আছুত মুখ্য উপদেষ্টা আৰু উপদেষ্টাৰ ক্ষেত্ৰত নাথাকিব বয়সৰ কোনো সীমা।

আছুত মুখ্য উপদেষ্টা হিচাপেই থাকিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য। আমন্ত্ৰিত ছাত্ৰৰ নাথাকিব বয়সৰ সীমা আৰু শিক্ষাগত অর্হতা। আছুত থাকিব জ্যেষ্ঠ আমন্ত্ৰিত সদস্য। এই সদস্যৰ সংখ্যা হ’ব ৩ৰ পৰা ৪জন।

আনহাতে এতিয়াৰে পৰা বিলুপ্ত হ’ব মহকুমা ছাত্ৰ সন্থা। ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন আৰু প্ৰতি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’ব সাধাৰণ সভা।

উল্লেখ্য যে, আছুত বয়সৰ সীমাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। ২০২০ চনৰ নৱেম্বৰত দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্রীয় অধিবেশনৰ প্রতিনিধি সভাই বয়সৰ প্ৰসংগত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি বয়সৰ সীমা নিৰ্ধাৰণ কৰিছিল ৪০ বছৰ। অৰ্থাৎ ৪০ বছৰ বয়সলৈকেহে থাকিব পাৰিব ছাত্ৰ সংগঠনটোত। লগতে বিবাহ পাশত আৱদ্ধ হ'লে আছুৰ পদ ত্যাগ কৰিব লাগিব।

তদুপৰি এই সভাতেই শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হৈছিল। সেই অনুসৰি আছুৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক আৰু কেন্দ্রীয় কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল এবছৰৰ পৰিবৰ্তে তিনি বছৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি আৰু কেইবালাগি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই সভাত।

কিন্তু বয়সকে ধৰি শিক্ষাগত অৰ্হতাৰ প্ৰস্তাৱ এতিয়ালৈকে কাৰ্যকৰী হোৱা নাছিল। ইয়াৰ বিৰুদ্ধে ছাত্ৰ নেতা দিব্যজ্য়োতি মেধীয়ে গুৱাহীট সত্ৰ ন্যায়াধীশ আদালতত ৰুজু কৰিছিল এক গোচৰ। এই গোচৰৰ শুনানিৰ এনিশা পূৰ্বে সংগঠনটোৰ সভাপতি উৎপল শৰ্মা আৰু সম্পাদকে শংকৰজ্যোতি বৰুৱাই সকলো জিলা সমিতিলৈ এক পত্ৰ প্ৰেৰণ কৰে। য'ত লিখে যে দুলীয়াজান অধিৱেশনৰ গৃহীত প্ৰস্তাৱ সমূহ মৰিগাঁও অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব। লগতে ৪০ উৰ্ধৰ কোনো লোকক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিলৈ প্ৰতিনিধি হিচাপে নপঠিয়াবলৈ আহ্বান জনায়।

আনহাতে এই নিয়ম প্ৰযোজ্য় নহয় আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ ক্ষেত্ৰত। উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰত লখিমপুৰত অনুষ্ঠিত হৈছিল আছু সাধাৰণ সভা। সেই সভাতেই আছুৰ সেই সময়ৰ সভাপতি দীপাকে কুমাৰ নাথে ২০২০ চনত দুলীয়াজনে অধিবেশনত গৃহীত সংবিধান সংশোধনীৰ প্ৰস্তাৱ উলংঘা কৰি এক বিশেষ ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজে যেতিয়ালৈকে বিচাৰে তেতিয়ালৈকে উপদেষ্টা হৈ থাকিব পাৰিব।

এই ঘটনাৰ পুনৰাবৃত্তি ঘটিল মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনত। য'ত সিদ্ধান্ত লোৱা হ'ল যে মুখ্য উপদেষ্টা আৰু উপদেষ্টাৰ ক্ষেত্ৰত নাথাকে বয়সৰ সীমা। অৰ্থাৎ সমুজ্জ্বল ভট্টাচাৰ্য হৈ থাকিব আছুৰ মুখ্য উপদেষ্টা। বৰ্তমান ভট্টাচাৰ্যৰ বয়স ৬৫ বছৰ। কেৱল তেওঁয়েই নহয়, আৰু বহু বয়োজ্যেষ্ঠ ব্যক্তিৰে ভৰি আছে আছু। এই সিদ্ধান্তই সলাই পেলালে দুলীয়াজান অধিবেশনত তিনি বছৰ পূৰ্বে বয়সৰ ঊর্ধ্বসীমা আৰু নিম্নতম শিক্ষাগত অৰ্হতাক লৈ গ্ৰহণ কৰা সংবিধান সংশোধনীৰ প্ৰস্তাৱ।

নাই কোনো বয়সৰ সীমা! আছুৰ মুখ্য উপদেষ্টা হৈ থাকিব সমুজ্জ্বল ভট্টাচাৰ্য...
সন্ধানহীন চৰাইদেউৰ যুৱক, চিন্তিত পৰিয়াল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in