পীযুষ হাজৰিকা-জয়ন্ত মল্লবৰুৱাই বিৰোধী ঐক্য সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আপৰ

২০২৪ৰ নিৰ্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব : ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী
পীযুষ হাজৰিকা-জয়ন্ত মল্লবৰুৱাই বিৰোধী ঐক্য সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আপৰ

ডিজিটেল সংবাদ,গুৱাহাটী : আসন্ন লোকসভা নিৰ্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ১৩ দলীয় বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰৰ হোটেল লিলিত অনুষ্ঠিত হৈছিল। এই বৈঠকৰ পিছতে শাসকীয় দলৰ সভাপতি ভবেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই বিৰোধী ঐক্যক লৈ কৰা তাচ্ছিল্য মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

আপ অসমৰ সভাপতি ভবেন চৌধুৰীয়ে এক প্ৰেছ বিবৃতিযোগে কয় যে, জয়ন্ত মল্লবৰুৱা আৰু পীষুষ হাজৰিকা এতিয়া বিজেপিৰ নতুন মডেলৰ ৱাশ্বিং মেচিন। য'ত তেওঁলোকৰ সকলোবোৰ দুর্নীতি, কেলেংকাৰী ধুই মেলি পৰিস্কাৰ কৰা হৈছে।

বিজেপিত যোগদান কৰা প্রতিজন দুর্নীতিপৰায়ণ লোকক এই দলটোৱে পৰিস্কাৰ কৰি আহিছে। দুয়োগৰাকী মন্ত্ৰীক সভাপতি ডাঃ চৌধুৰীয়ে মন্ত্ৰীৰ মৰ্য্যদা ৰাখি কথা ক'বলৈ আহ্বান জনায়।

লগতে আম আদমি পার্টীয়ে বিজেপিৰ সভাপতি ভবেশ কলিতাক বিৰোধী ঐক্যৰ উত্থানত শংকিত হৈ আবোল-তাবোল বকিবলৈ লৈছে বুলি উল্লেখ কৰে। ইয়াৰোপৰি মিছা প্রলোভনৰে ৰাইজক আভুৱা ভাৰিব বন্ধ কৰিবলৈ ভবেশ কলিতাক আহ্বান জনায়।

আম আদমি পার্টীয়ে ২০২৪ নির্বাচনত জনসাধাৰণে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলি উল্লেখ কৰি এইবাৰ দিল্লীত 'ইণ্ডিয়া এলায়েঞ্চ'ৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে।

পীযুষ হাজৰিকা-জয়ন্ত মল্লবৰুৱাই বিৰোধী ঐক্য সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আপৰ
নীলা জাৰ্চী লৈ আৰু কিমান দূৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in