ক'ত ক'ত বিফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? আপে দিলে তালিকা....

ক'ত ক'ত বিফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? আপে দিলে তালিকা....
ক'ত ক'ত বিফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? আপে দিলে তালিকা....

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰৰ ৭ বছৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ২ য় বর্ষপূৰ্তিত আজি আম আদমি পার্টীয়ে চৰকাৰখনৰ বিফলতাসমূহ ৰাইজৰ মাজত ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযানেৰে ব্যাপক প্ৰচাৰ অভিযান চলায়। দলটোৰ সামাজিক মাধ্যমৰ সমন্বয়ক তাকি চৌধুৰী আৰু নিৰুপম নাথৰ নেতৃত্বত চলা এই অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দলীয় কর্মকৰ্তাসকলে চৰকাৰখনৰ বহু বিফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন প্রশ্নৰ কাঠগড়াত থিয় কৰালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

অভিযানত দেশৰ ভিতৰতে অসমক লজ্জানত কৰাৰ দুটা বছৰ সম্পূৰ্ণ হ'ল বুলি অভিযোগ দি ‘আপ’ৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অসম প্ৰসূতি মৃত্যুৰ হাৰৰ তালিকাত প্ৰথম, নৱজাতক শিশুৰ মৃত্যুৰ হাৰৰ তালিকাত তৃতীয়, নাৰীজনীত অপৰাধৰ হাৰত তালিকাত প্ৰথম, অনুন্নত শিক্ষাৰ তালিকাত পঞ্চম, ভোকাতুৰৰ তালিকাত সপ্তম, শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তালিকাত নৱম আদি বিভিন্ন খতিয়ান দাঙি ধৰে।

লগতে দলটোৱে নির্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসমবাসীয়ে বিশুদ্ধ খোৱাপানী কেতিয়া লাভ কৰিব, অসমৰ বানপানী সমস্যা কেতিয়া সমাধা হ'ব, অসমবাসীয়ে এখন সংশোধিত এন আৰ চি কেতিয়া লাভ কৰিব, অসমৰ সীমান্ত সমস্যা, কৃষকৰ সমস্যা, নিৱনুৱা সমস্যা কেতিয়া দূৰ হ'ব আদি বিভিন্ন প্রশ্ন ছ'চিয়েল মিডিয়া যোগেদি উত্থাপন কৰে।

ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই কেম্পেইনিঙে ছ'চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰা কৰা বুলি দলটোৱে জানিবলৈ দিয়ে।

ক'ত ক'ত বিফল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? আপে দিলে তালিকা....
মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ ৩ আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in