মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ ৩ আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি...

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ ৩ আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি...
মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ ৩ আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত গাফিলতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা তিনি শীৰ্ষ আৰক্ষী বিষয়াক তাৎক্ষণিক ভাৱে বদলি কৰা হৈছে। মঙ্গলবাৰে কলাক্ষেত্ৰত ব্যক্তিগত কোম্পানীৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ এন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত দেখা দিছিল সুৰুঙা।

যাৰ বাবে মুখ্যমন্ত্ৰীৰ কাষলৈ চাপি গৈছিল বহু লোক। এনে পৰিস্থিতিৰ বাবে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা ৩ আৰক্ষী অধীক্ষক ক্ৰমে উৎপল বায়ন,  গুণেন্দ্ৰ ডেকা আৰু সুমন চক্ৰৱৰ্তীক বদলি কৰা হৈছে।

আৰক্ষী অধীক্ষক উৎপল বায়নক কাহিলীপাৰাৰ বিশেষ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰাৰ বিপৰীতে গুণেন্দ্ৰ ডেকাক দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে।

আনজন আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিৰাপত্তৰ দায়িত্বত থাকিব আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মণ্টু ঠাকুৰীয়া, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি আৰু দেৰগাঁৱৰ একাদশ আৰক্ষী বাহিনীৰ অধিনায়ক টাবু ৰাম পেগু।

তিনিওগৰাকী আৰক্ষী বিষয়াক পূৰ্বৰ দায়িত্ব আৰু কৰ্তব্যস্থলীৰ পৰা তাৎক্ষণিক ভাৱে অব্যাহতি দি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বপ্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতিঃ ৩ আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি...
উচ্ছেদিত মহিলাৰ ৰোষত পৰি পলাবলৈ বাধ্য হ'ল অশোক সিংহাল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in