ডিফুত আপৰ প্ৰতিবাদী কাৰ্যসূচী...

ডিফুত আপৰ প্ৰতিবাদী কাৰ্যসূচী...

ডিজিটেল সংবাদ, হাওৰাঘাট : শাসকীয় বিজেপি দলে বৰ্তমান পৰিস্থিতিত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু সংবিধানৰ নিয়ম নীতি সম্পূৰ্ণৰূপে উলংঘা কৰিছে বুলি আম আদমি পাৰ্টীয়ে এক গুৰুতৰ অভিযোগ তুলিছে। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি ফুদিং টেৰাংৰ নেতৃত্বত বৃহস্পতিবাৰে বিজেপি চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে ডিফুত এক প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰবিন্দ কেজৰিৱালক ইডি আইনৰ জৰিয়তে বিনা দোষত হাৰাহাস্তি কৰাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দলৰ নেতৃত্বই। লগতে উল্লেখ কৰে যে গণতান্ত্ৰিক দেশ এখনৰ প্ৰতি গৰাকী নাগৰিকৰেই দুৰ্নীতি তথা অন্যায় অবিচাৰৰ বিপক্ষে মাত মতাৰ অধিকাৰ অতীজৰে পৰাই আছিল আৰু বৰ্তমানেও আছে।

তেনেস্থলত কিন্তু শাসকীয় দলে ভাৰতীয় সংবিধানৰ নিয়ম বৰ্হিভূতভাবে ইডি অথবা চিবিআইৰ জৰিয়তে অযথা হাৰাহাস্তি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী লবলৈ বাধ্য হোৱা বুলি "আপ''ৰ কাৰ্বি আংলং জিলা সমিতিৰ নেতৃত্বই সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ সাধাৰণ সম্পাদক কাৰ্তিক বে প্ৰমুখ্যে কৰি অন্যান্য দলীয় কৰ্মীসকলো উপস্থিত থাকে।

ডিফুত আপৰ প্ৰতিবাদী কাৰ্যসূচী...
নগাঁৱত ব্লেডমেনৰ সন্ত্ৰাস, দুৰ্বৃত্তই যুৱকৰ পৰা লুটি নিলে ৪০,০০০ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in