মহানগৰীত আপৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীত আপৰ প্ৰতিবাদী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
মহানগৰীত আপৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল ডেস্কঃ মহানগৰীত আপৰ প্ৰতিবাদী কাৰ্যসূচী। আম আদমী পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৰাজ্যিক নেতা-কৰ্মীসকলে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি সন্ধিয়া গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত আপৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপি মুৰ্দ্দাবাদ, আপ জিন্দাবাদ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আপ নেতা কৰ্মীয়ে।

Advertisment

উল্লেখযোগ্য যে সুৰা কেলেংকাৰীৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।  ইয়াৰ পিচতে দেশজুৰি আপে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শুকুৰবাৰে আদালতত তেওঁক হাজিৰ কৰোৱা পিছতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে ।

Also Read: মায়ঙত উপস্থিত নিউজিলেণ্ডৰ ৪জনীয়া প্ৰতিনিধি দল

aap arvinda kejriwal aap assam