Advertisment

বিশ্বনাথত 'আপ'ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেচমিন শ্বাহৰ নিৰ্বাচনী সভা...

কেইবাটাও বিস্ফোৰক মন্তব্য বিজেপিৰ বিৰুদ্ধে...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত 'আপ'ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেচমিন শ্বাহৰ নিৰ্বাচনী সভা...

বিশ্বনাথত 'আপ'ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেচমিন শ্বাহৰ নিৰ্বাচনী সভা...

ডিজিটেল সংবাদ বিশ্বনাথঃ আজি বিশ্বনাথৰ পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় আম আদমী পাৰ্টিৰ এখন নিৰ্বাচনী সভা। এই সভাত আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেচমিন শ্বাহ উপস্হিত থাকে।

Advertisment

আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে দিল্লী আৰু পাঞ্জাবত থকা আপৰ চৰকাৰৰ উন্নয়নমূলক কামৰ তুলনা কৰি কয়, "অসমৰ ৰাইজ মূৰ্খ নহয়। অসমৰ ৰাইজে এই সকলোবোৰ চাই আছে। অসমৰ ৰাইজে এতিয়া ভাবিবকৈ বাধ্য হৈছে যে, কিয় অসমত উন্নতি হোৱা নাই। অসমৰ চৰকাৰখনে ৰাইজৰ উন্নতিৰ বিপৰীতে নিজৰ পকেটহে গৰম কৰিছে।"

নেতাগৰাকীয়ে ইয়াৰ উদাহৰণ দিবলৈ গৈ কয় যে, শোণিতপুৰৰ আগৰ সাংসদ জনৰ টিকত খোদ বিজেপিয়েই কাটি এই কথা প্ৰমাণ কৰিছে যে, সাংসদ জনে বিগত ৫ বছৰত একো কাম নকৰিলে। সাংসদ জনে বিগত ৫ বছৰত কেৱল মিছা প্ৰতিশ্ৰুতিহে দিলে। সেইকাৰণে এইবাৰ অসমৰ জনসাধাৰণে পৰিবৰ্তন বিছাৰিছে। মনে মনে সিদ্ধান্ত লৈছে যে, এইবাৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক বিজয় কৰাব।

আপৰ শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যও উপস্হিত থকা এই সভাত ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয় কয় যে, যেতিয়াই শোণিতপুৰ সমষ্টিৰ বাবে আপে প্ৰাৰ্থী ঘোষণা কৰিলে তেতিয়াৰ পৰাই সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টাকৈ সমষ্টিত আপৰ প্ৰতি ৰাইজৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। আপৰ নেতাগৰাকীয়ে অসমৰ যিমানখিনি সাধাৰণ ৰাইজ আছে সকলো এতিয়া ভাগৰি পৰিছে বুলি উল্লেখ কৰি অসমত যি কেইটা দলে এতিয়ালৈকে শাসন কৰিলে তেওলোকে ৰজা মহাৰজাৰ দৰে শাসন কৰিছে।

তেওলোকে জনসাধাৰণৰ বাবে এতিয়ালৈকে একো কামেই নকৰিলে বুলিও সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য দিয়ে। সেয়েহে এতিয়া সকলোৰে দৃষ্টি কেজৰিৱালৰ প্ৰতি গৈছে, আপৰ প্ৰতি আছে বুলি উল্লেখ কৰে।

Also Read: কেম্পেইন বাছ...

লোকসভা নিৰ্বাচন বিশ্বনাথ আপ