কেম্পেইন বাছ...

কেম্পেইন বাছ...
কেম্পেইন বাছ...

নিৰ্বাচনৰ বাবে সাজু হৈছে নেতা। নেতাৰ বাবে ৰাজনৈতিক দলসমূহে সাজু কৰিবলগীয়া হৈছে গাড়ী, মটৰ, হেলিকপ্টাৰ। পানীৰ দৰে ধন ব্যয় কৰিবলৈ মানসিকভাৱে এই দিন কেইটাত সকলো প্ৰস্তুত। ক'ৰ পৰা কেনেকৈ সেই ধন আহে সেই কথা ইতিমধ্যে নিৰ্বাচনী বণ্ডৰ উন্মোচিত তথ্যই পোহৰলৈ আনিছে।

যিমান পাৰি সভা, সমিতিত অংশ লৈ সমষ্টিয়ে সমষ্টিয়ে ঘূৰি নেতাই এই কেইদিন ভোট ভিক্ষা কৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি হাইপ্ৰফাইল নেতাবোৰে হেলিকপ্টাৰত উৰিব। দিনটোত অতি কমেও গড়ে এই নিৰ্বাচনৰ দিন কেইটাত ৪/৫ খনকৈ সভাত তেওঁলোকে অংশ লৈ মন ভুলোৱা ভাষণৰ ফুলজাৰি মাৰিব।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ইতিমধ্যে ছয়খনকৈ হেলিকপ্টাৰ আহি পৰিছেহি। সেই হেলিকপ্টাৰত উঠি নেতাই নিৰ্বাচনী সভাত অংশ ল'বলৈ যাব। শেহতীয়াকৈ দেশৰ ৰাজনীতিত সংযোগ হৈছে কেম্পেইন বাছৰ। এনে একো একোখন কেম্পেইন বাছৰ দাম অতি কমেও ৫ কোটি টকা।

১৯৪০ চনতেই ইংলেণ্ডত দেখা পোৱা গৈছিল এনে কম্পেইন বাছ। আমাৰ দেশত এই কেম্পেইন বাছৰ সংস্কৃতি বহু কেইগৰাকী নেতাই গ্ৰহণ কৰিছে। ২০২৩ ৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত ছিদ্দাৰামায়াই এনে হাইটেক কেম্পেইন বাছত উঠি নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

এই বাছত বহু কেইটা ফিছাৰ আছে। এইবোৰৰ ভিতৰত ছজন যাত্ৰী বহিব পৰাকৈ ছোফাৰ, বাথৰুম, বেডৰুম, লিফ্ট ছিষ্টেম, সৰু কিটচেন, ৰেফিজৰেটৰ, এল ই ডি ইত্যাদি। ছিদাৰামাইয়াই ব্যৱহাৰ কৰা এই বাছখন এখন সৰু মঞ্চৰ দৰেই। যিকোনো স্থানত সেইখন ৰখাই লিফ্টেৰে বাছৰ উপৰিভাগলৈ উঠি তেওঁ জনতাক সম্বোধন কৰিছিল।

বাছখনৰ আসনবোৰ সকলোফালেই ঘূৰাব পৰা। পৃথক স্নানাগাৰত নেতাই গা-পা ধুব পৰাকৈ অত্যাধুনিক ব্যৱস্থা কৰা হৈছিল। ইছুজু কোম্পানীৰ সেই বাছখনৰ নম্বৰ আছিল কেএ ৫১ এ এইছ ০৫৬৭। তেওঁ এই বাছখনত উঠি কৰ্ণাটকৰ কলাৰ সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন ৰেড্ডীয়েও এখন বাছ সাজু কৰিছে। ২৭ মাৰ্চ, ২০২৪ ৰ পৰা তেওঁ এইখনত উঠি ২১ দিনীয়া নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। চন্দ্ৰবাবু নাইডুৱেও এনে কেম্পেইন বাছত উঠি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিজ্ঞতাৰ সোৱাদ লৈছিল।

ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা বাছখনো সকলোধৰণৰ অত্যাধুনিক সা-সুবিধা থকা বাছ। কে চন্দ্ৰ শেখৰ ৰাওতো এনে বাছত উঠি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছিল। অতি শেহতীয়াকৈ অসমত এনে এখন বাছৰ সন্ধান পোৱা গৈছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাছখনৰ তথ্যই এই ইংগিত দিছে অসমৰ ৰাজনীতিলৈও কেম্পেইন বাছৰ আগমণ হয়তো এইবাৰ হ'ব। বাছখনৰ কেইটামান ভিডিঅ' ইতিমধ্যে ৰাজহুৱা হৈছে। বাছখনত থকা ল'গ'ত দেখা পোৱা গৈছে এই বাছখন নৰ্থ ইষ্ট মটৰ্চ নামৰ প্ৰতিষ্ঠানটোৱে সাজু কৰি তুলিছে।

আনবোৰ কেম্পেইন বাছত থকাৰ দৰেই ইয়াত সকলোবোৰ অত্যাধুনিক ব্যৱস্থা সংযুক্ত কৰা হৈছে। ড্ৰাইভাৰৰ বাহিৰে আন ৬ জন যাত্ৰী বহিব পৰাকৈ আহল-বহল ছোফাৰ সদৃশ আসন আছে। আছে এটা অতি অত্যাধুনিক স্নানাগাৰ।

ইয়াৰ উপৰিও বাছখনত এটা কক্ষ বেডৰুম হিচাপে সাজু কৰা হৈছে। কোন দলৰ, কোন নেতাই এই বাছখন এই নিৰ্বাচনৰ বতৰত ব্যৱহাৰ কৰিব সেয়া অৱশ্যে ৰাজহুৱা হোৱা নাই। এনে কেম্পেইন বাছত উঠি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নেতাৰ সুবিধা হয়।

সৰু গাড়ীত উঠি যি অৱসাদ অনুভৱ কৰে সেই অৱসাদ ইয়াত নাথাকিব। তাৰোপৰি এই বাছতে থকা, খোৱাৰ সকলো ব্যৱস্থা থকাত যিকোনো স্থানলৈয়ে নেতা যাব পাৰিব। নিৰ্বাচনৰ বতৰত সঁচাই বিচিত্ৰ হৈ পৰে নেতাৰ চৰিত্ৰ।

কোনোবাই গৈ, দৰিদ্ৰ লোকৰ ঘৰত নিশাটো কটাই, সেই পৰিয়ালৰ সৈতে ফটো তুলি প্ৰচাৰ চলায়। বুজাই দিয়ে দৰিদ্ৰ জনতাৰ দুখত তেওঁলোক কেনেদৰে সমভাগী। কিন্তু ক্ষমতা পোৱাৰ পাছত সেই নাটকৰ যৱনিকা পৰে।

শেহতীয়াকৈ কেম্পেইন বাছৰ ধাৰণাই ৰাজনৈতিক নেতাৰ বিলাসীতাক পৰিস্ফুত কৰিছে। বলিউডৰ নামী, দামী অভিনেতা, অভিনেত্ৰীসকলে ব্যৱহাৰ কৰে ভেনটি ভেন। এতিয়া আমাৰ নেতাকো প্ৰয়োজন হৈ পৰিছে এইধৰণৰ ভেন। নাম খালী কেম্পেইন বাছ। বাকী সেই ভেনটি ভেনৰ দৰেই সকলো ব্যৱস্থা এই বাছত আছে।

জনতাৰ সুখ-দুখৰ প্ৰতি অতি সচেতন বুলি দাবী কৰা নেতাসকলৰ জীৱন ধাৰণ এতিয়া বিলাসীতাৰ মাজত বিলীন হৈ গৈছে। তেওঁলোকে এটা ৰাতিও অসুবিধাত থাকিব নোৱাৰে। প্ৰয়োজনত এনে কেম্পেইন বাছত উঠি জনতাৰ কাষলৈ যাব, সাধাৰণ লোকৰ ভোটেৰেই তেওঁলোক ৰজা হয় কিন্তু সাধাৰণ লোকৰ দৰে এটা ক্ষণো কটাব নোৱাৰে।

কেম্পেইন বাছ...
পুত্ৰ অৰ্জুনৰ কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শচীনে আঁতৰালে ৰোহিতক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in