
ডিজিটেল ডেস্কঃ কিয় বাইট লোৱা নাই লীনা দলেৰ? কিয় গ্ৰেপ্তাৰ হোৱা নাই? ভগৱান নেকি লীনা দলে? - এই প্ৰশ্ন জোনমণিৰ মাতৃৰ। ক্ষোভিত হৈ সংবাদ মাধ্যমৰ আগত এছ পি লীনা দলেৰ সন্দৰ্ভত এই মন্তব্য কৰিলে জোনমণি ৰাভাৰ মাতৃয়ে।
তেওঁ লগতে কয় যে, তালাচী চলোৱা দিনা মই ভৰি হাতে ধৰি সুধিছো জোনমণি ক'ত। লীনা দলে কৈছে যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। গোচৰ ৰুজু হ'লে মৃতদেহ আহে নেকি বুলি প্ৰশ্ন জোনমণিৰ মাতৃৰ।
উল্লেখ্য যে, উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুয়ে জোকাৰি গৈছে ৰাজ্য। ইতিমধ্যে আৰক্ষী বিষয়া গৰাকীৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে। জোনমণি ৰাভাৰ মৃত্যুৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। জোনমণিৰ মাতৃয়ে এছ পি লীনা দলেৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ইয়াৰ মাজতে লীনা দলেক আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে কৰা হৈছে বদলি।