অসমত ‘আপ’ৰ জোৱাৰ; শতাধিকে কৰিলে যোগদান…

অসমত ‘আপ’ৰ জোৱাৰ; শতাধিকে কৰিলে যোগদান…

author-image
asomiyapratidin
New Update
অসমত ‘আপ’ৰ জোৱাৰ; শতাধিকে কৰিলে যোগদান…

ডিজিটেল সংবাদ, শিৱসাগৰ: মঙলবাৰে প্ৰথমবাৰৰ বাবে শিৱসাগৰত আম আদমি পাৰ্টীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ লগতে ডিমৌ আৰু নাজিৰাটো সম্পন্ন হয় যোগদান অনুষ্ঠান ৷ আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবেৰ উপস্থিতত শতাধিক লোকে যোগদান কৰে আম আদমি পাৰ্টীত ।

Advertisment

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, ৰাইজৰ দলৰ সদস্য বিশিষ্ট ব্যৱসায়ীকে ধৰি বিভিন্ন দল সংগঠনৰ কৰ্মীৰ লগতে বহু সংখ্যক সাধাৰণ নাগৰিকে যোগদান কৰিলে আপত। যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰে অসমত বিশুদ্ধ খোৱা পানীকণো যোগান ধৰিবলৈ সক্ষম নোহোৱা বুলি সমালোচনা কৰে লক্ষ্মীকান্ত ডুবেয়ে ।

সকলো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰা, চৰকাৰী শিক্ষা-স্বাস্থ্য ব্যৱস্থা বেচৰকাৰীতকৈ ভাল কেনেকৈ কৰিব পাৰি আম আদমি পাৰ্টীয়ে দিল্লীত দেখুৱাই দিয়া বুলিও সদৰি কৰে তেওঁ । অনাগত দিনত অসমত পঞ্চায়ত , লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়াব আম আদমি পাৰ্টীয়ে। এই ঘোষণা ৰাজ্যিক যুটীয়া সমন্বয়ক গৰাকীৰ ।

তদুপৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বৰ্ষপূৰ্তিকলৈয়ো সমালোচনা লক্ষ্মীকান্ত ডুবেৰ। যোগদান কাৰ্যসূচীত আপৰ শিৱসাগৰ জিলা সমিতিৰ সমন্বয়ক ৰূপম জ্যোতি বৰগোঁহাইকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

আৰু পঢ়ক: এই চৰকাৰে নাৰীক কি দিলে…

assam aap sivsagar