এই চৰকাৰে নাৰীক কি দিলে…

এই চৰকাৰে নাৰীক কি দিলে…

বৰষা শৰ্মা

বহু প্ৰতীক্ষাৰ অন্ত পেলাই বিজেপি মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৰ্ষপুতি উপলক্ষ্যে মঙলবাৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত  শ্বাহৰ উপস্থিতিত খানাপাৰত বিশাল সভাৰ আয়োজন কৰা হয়।

এই এবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন জনমুখী আঁচনি বা প্ৰকল্প গ্ৰহণ কৰে। শিক্ষা, স্বাস্থ্য, কাৰিকৰী আদি বিভিন্ন দিশত চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হয়।

মহিলাৰ ক্ষেত্ৰটো এই চৰকাৰে বিভিন্ন পদক্ষেপ লোৱা দেখা যায়। এই চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ এগৰাকী মহিলাক দিয়া হৈছে। বিত্ত মন্ত্ৰী অজন্তা নেওগ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী। অন্যহাতে 'প্ৰতিদিন টাইম' আৰু কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগে যুটীয়াভাৱে চলোৱা ৰাজ্যিকভিত্তিক সমীক্ষাত দ্বিতীয় সফল মন্ত্ৰী হিচাপে বিত্তমন্ত্ৰী অজন্তা নেওগক স্থান দিয়া হৈছে।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছত আন্তজাৰ্তিক নাৰী দিৱস আৰু মাতৃ দিৱস পালে। এই দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে কোনো আঁচনি ঘোষণা কৰা নাই যদিও সময়ে সময়ে নাৰীক লৈ পদক্ষেপ লৈ আহিছে।

মহিলা সকলৰ শিক্ষা, সুৰক্ষা, সবলীকৰণ আদিৰ ক্ষেত্ৰত এই চৰকাৰখনে যথেষ্ঠ পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। মাই্ক্ৰফাইনেন্সৰ ঋণৰ পৰা আৰম্ভ কৰি অৰুণোদয় আদি বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সকলক কিছু পৰিমাণে সকাহ দিছে এই চৰকাৰখনে।

নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি কৰাৰ দৰে চৰকাৰে মহিলা সকলে লোৱা মাইক্ৰফাইনেন্সৰ ঋণ কিছু পৰিমাণে ৰেহাই কৰি দিয়ে। ইয়াৰ ফলত কিছু পৰিমাণে হ'লেও সকাহ পায় মহিলা সকলে।আৰ্থিক অনাটনত ভুগি ঋণ লোৱা বহু মহিলাই সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বহু সময়ত মাটি বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। সেই দুৰ্যোগৰ পৰা মুক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে।ইয়াৰ বাবে চৰকাৰে মহিলা সকলক ৩টা ভাগত বিভক্ত কৰি ঋণ ৰেহাইৰ বাবে ৭,৫০০ কোটি টকা ধাৰ্য কৰিছিল।

তাৰপাছতেই নাৰীৰ সবলীকৰণ, শক্তিশালী কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ বাবে অৰুণোদয় আঁচনি গ্ৰহণ কৰে। আৰাম্ভণীতে এই আঁচনিৰ ধন প্ৰতিমাহে ৮৩০ টকা ধাৰ্য কৰা হৈছিল যদিও পিছত এই ধনৰ পৰিমাণ বৃদ্ধি হয়।

তদুপৰি ছাত্ৰী সকলৰ বাবে বিশেষ জলপানি আৰু স্কুটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলক স্কুটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপি মিত্ৰজোঁট চৰকাৰে। এই  পদক্ষেপৰ ফলত ছাত্ৰী সমাজো লাভান্বিত হোৱা দেখা যায়।

উল্লেখ্য যে, নাৰী নিৰাপত্তাৰ ক্ষেত্ৰটো চৰকাৰে বহু কাম কৰা দেখা যায়। ধৰ্ষণ, হত্যা বা নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। বহু সময়ত দোষীক উচিত শাস্তি দিয়াৰ লগতে পলাবলৈ চেষ্টা কৰাজনক আৰক্ষীয়ে এনকাউন্টাৰ কৰাৰ দৰে ঘটনা সংঘটিত হোৱা দেখা যায়।

হয়তো মুখ্যমন্ত্ৰীৰ নেতৃত্বত লোৱা এনে কিছুমান সিদ্ধান্তৰ বাবে নাৰী সকলে কিছু নিৰাপদ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। যাৰ বাবে নাৰীৰ বাবে কাম কৰাৰ ক্ষেত্ৰত চৰকাৰখনে অসফল হোৱা বুলি কলে ভুল হ'ব।

নাৰীৰ বিৰুদ্ধে অপৰাধ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা বুলি ক'ব পাৰি। ড্ৰাগছ বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি বিভিন্ন সময়ত নাৰী সকল নাৰী সকল নিৰ্যাতিত হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপৰ বাবে নাৰী সকলো কিছু পৰিমাণে লাভান্বিত হৈছে।

তদুপৰি নাৰী সকলৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাও অধিক দেখা যায়।ইয়াৰ কাৰণ এয়া হ'ব পাৰে যে হিমন্তৰ ওচৰত নিৰাপত্তা অনুভৱ কৰে নাৰী সকলে।

কিয়নো এই পৰ্যন্ত নাৰীক লৈ কোনো অভিযোগ নাই মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে।ইয়াৰ উদাহৰণ আমি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাত কৰা ৯০ বছৰীয়া মহিলা গৰাকীৰ কথা উল্লেখ কৰিব পাৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মহিলা সকলে বিচাৰি পায় অফুৰন্ত স্নেহ, সন্মান। এগৰাকী বৃদ্ধা মহিলাই নিজৰ পুত্ৰৰ দৰে সকলো খুলি ক'ব পাৰে তেওঁক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যলৈ নাযাওক কিয় মহিলাৰ উপস্থিতি বেছি দেখা যায়। কিয়নো নাৰীৰ প্ৰতি থকা তেওঁৰ সন্মান। মহিলাৰ মাজত ইমান জনপ্ৰিয়তাৰ পাছতো নাৰীৰ প্ৰতি অহেতুক দুৰ্বলতাৰ অভিযোগ তেওঁৰ ওপৰত নাই।

মহিলা সকলে অতি সহজে তেওঁৰ ওচৰত নিজৰ সমস্যা দাঙি ধৰে আৰু বিশ্বাস ৰাখে যে সেই সমস্যা সমাধান হ'ব। এয়া ক'লে ভুল হ'ব যে নাৰীৰ ক্ষেত্ৰত পদক্ষেপ লোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সফল, কিন্তু তেওঁ হয়তো সম্পূৰ্ণ অসফল নহয়। একাংশ মহিলাৰ তেওঁৰ ওপৰত থকা বিশ্বাস লগত ৰাখি তেওঁ মহিলাৰ হকে উচিত পদক্ষেপ ভৱিষ্যতেও ল'ব বুলি আশাবাদী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in