"ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক": আপ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলো পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰি ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰক...
"ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক": আপ

ডিজিটেল ডেস্কঃ অসম চৰকাৰে অহা ২ অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰা সিদ্ধান্তক সমৰ্থন কৰি আম আদমি পাৰ্টীয়ে দাবী কয় যে চৰকাৰে খোৱা পানীৰ বিক্ৰী বন্ধ কৰি জল জীৱন মিছনৰ অধীনত সকলোৰে ঘৰে ঘৰে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এক প্ৰেছ বিবৃতিযোগে দলটোৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে লগতে দাবী কৰে যে, ৰাজহুৱা স্থানত খোৱা পানী পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰিবলৈ চৰকাৰে খোৱা পানীৰ এ টি এম স্থাপন কৰিব লাগে।

প্ৰায় ডেৰ-দুই দশকৰ পূৰ্বে খোৱা পানী বিক্ৰীৰ কথা অসমৰ মানুহৰ সপোনৰ অগোচৰ আছিল। চৰকাৰে ঘৰে ঘৰে পানী যোগানত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ৰাজহুৱা স্থানত খোৱা পানীৰ ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ আওকাণীয়া মনোভাবৰ বাবে তৃষ্ণাতুৰ পথচাৰীয়ে পানীৰ বটল কিনি খাবলৈ বাধ্য হৈছে। কোটি কোটি টকা খৰচ কৰি বিজেপি চৰকাৰে জল জীৱন মিছন আৰম্ভ কৰিছে যদিও আঁচনিখন ৰূপায়ণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বাবে কাৰ্যতঃ ইয়াৰ সুফল জনতাই লাভ কৰা নাই বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে।

সেয়েহে আম আদমি পাৰ্টীয়ে দাবী কৰে যে, পানীৰ বটলৰ বিক্ৰী নিষিদ্ধ কৰাৰ সমান্তৰালভাৱে চৰকাৰে ঘৰে ঘৰে পৰ্যাপ্ত পানী দিয়াৰ ব্যৱস্থা কৰক আৰু সকলো ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক।

"ৰাজহুৱা স্থানত খোৱা পানীৰ এ টি এম স্থাপন কৰক": আপ
কৃষ্ণাইৰ পাছত এইবাৰ পাল আগিয়াৰঃ গোৱালপাৰাত পুনৰ বন ধ্বংসযজ্ঞ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in