"প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো": আমছু

"প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো": আমছু
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰি : বিটিচিৰ সংখ্যালঘুক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। ইউপিপিএল দল তথা প্ৰমোদ বড়োৱে বিগত নিৰ্বাচনৰ পূৰ্বে বিটিচিত বসবাস কৰা সংখ্যালঘু লোকসকলৰ বাবে সুকীয়া উন্নয়ন বোৰ্ড, ভূমিৰ অধিকাৰ, হজ ভৱন, মাটিৰ পট্টা প্ৰদান, শিক্ষক নিযুক্তি, ৰাস্তা-ঘাটৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি পালন নকৰাৰ অভিযোগ আমছুৰ।

নিজে দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰেই পূৰণ কৰিবলৈ প্ৰমোদ বড়োক দাবী উত্থাপন কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। অন্যথা বিটিচিত ব্যাপক আন্দোলন গঢ়ি তোলাৰ লগতে অনাগত দিনত বিটিচি চৰকাৰখনে আমছুৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে। ওদালগুৰি জিলাৰ বকুলতলাত অনুষ্ঠিত আমছুৰ ৪৩ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱসৰ মুকলি সভাত এনেদৰে সৰৱ হৈ পৰে আমছু নেতৃত্ব।

সমান্তৰালকৈ ১৯৮০ চনত গঠন হোৱা আমছুৰ নেতৃত্বত সংখ্যালঘুৰ অধিকাৰৰ হকে বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া ছহীদসকলক স্মৰণ কৰি আমছু সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইনৰ বিটিচি চৰকাৰলৈ আহ্বান- ২০০৩ চনত স্বাক্ষৰিত বিটিচি চুক্তিৰ পূৰ্বৰে পৰা বসবাস কৰি থকা সংখ্যালঘুলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুৰক্ষিত কৰক। লগতে ভূমিৰ অধিকাৰ, মাটিৰ পট্টা প্ৰদান কৰাৰ উপৰিও কোকৰাঝাৰত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰাবাস নিৰ্মাণ কৰি দিবলৈ প্ৰমোদ বড়োক আহ্বান জনায়।

ইফালে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়েও মুকলি সভাত অংশগ্ৰহন কৰি আমছুৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সংগঠনটোৱে দীৰ্ঘদিনে দাবী জনাই অহা সংখ্যালঘু লোকৰ সাংবিধানিক অধিকাৰ, উন্নয়ন,ন্যায় আৰু নিৰাপত্তাৰ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।

"প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো": আমছু
লামডিঙত তৎপৰ আবকাৰী বিভাগ: মোনাই মোনাই জব্দ দেশী-বিদেশী সুৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in