হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অদক্ষতাক গৰিহণা আম আদমি পাৰ্টীৰ

চলিত বৰ্ষৰ মুঠ বাজেট ১,৪১,৫৭৯.২২ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৭৩,৯১৮.২০ কোটি টকা

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অদক্ষতাক গৰিহণা আম আদমি পাৰ্টীৰ

ডিজিটেল সংবাদ,গুৱাহাটী : ঋণনিৰ্ভৰ বিজেপি চৰকাৰে ২০২৩-২৪ বৰ্ষ শেষ হ'বলৈ এমাহ থকাৰ সময়ত বাজেটৰ মুঠ পুঁজিৰ মাত্ৰ ৫২.২১ শতাংশ পুঁজি ব্যয় কৰিবলৈহে সক্ষম হোৱা কাৰ্যক আম আদমি পাৰ্টীয়ে সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এখন অদক্ষ চৰকাৰ বুলি অভিহিত কৰে। অসমত উন্নয়নৰ অমৃত ধাৰা বোৱাই দিয়া বুলি সততে ভুৱা শ্ল'গান দি থকা চৰকাৰৰ প্ৰকৃত নমুনা বাজেটৰ ধন খৰচ কৰিব নোৱাৰা কাৰ্যই উদঙাইছে দিছে বুলি আম আদমি পাৰ্টিয়ে উল্লেখ কৰে।

Advertisment

ইয়াৰোপৰি উল্লেখ কৰে যে, জনতাক আভুৱা ভাঁৰিবলৈ বৃহৎ আকাৰৰ বাজেট প্ৰস্তুত কৰি প্ৰতিমাহে ঋণ লৈ যে ৰাজ্যৰ প্ৰকৃত উন্নয়ন সাধন কৰিব নোৱাৰি। সেই কথা আম আদমি পাৰ্টীয়ে দোহাৰি আহিছে।

আনহাতে,চলিত বৰ্ষৰ মুঠ বাজেট ১,৪১,৫৭৯.২২ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৭৩,৯১৮.২০ কোটি টকা। আম আদমি পাৰ্টীয়ে সেয়ে চৰকাৰক কৈ আহিছে যে, ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰি সেই ধন সঠিকভাৱে মূলধনী শিতানত ব্যয় কৰিলেহে অসমৰ বিত্তীয় পৰিস্থিতি টনকিয়াল হ'ব। একমাত্ৰ অনুৎপাদনশীল শিতানত ঋণ লৈ ক্ষন্তেকীয়া চমক সৃষ্টি কৰিব পৰা যায়, কিন্তু এনে বিত্তীয় দুষ্কৰ্ম অসমৰ বাবে মুঠেও জনহিতকৰ নহয় বুলি এক বিজ্ঞপ্তিযোগে উল্লেখ কৰে।

Also Read: কামপুৰত পুৱাই অঘটন, শ্ৰমিকৰ মৃত্যু...

aap himanta biswa sarma