হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰাত বিফল হৈছে : আপ

অসম চৰকাৰে নিতাল মাৰি শুই থকাত ভুক্তভোগী সীমান্তবাসীয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা বুলি বিজ্ঞপ্তিত উল্লেখ

author-image
Asomiya Pratidin
New Update
চালানী মাছ বৰবিহ ! আপৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম-মেঘালয় সীমা সমস্যা স্থায়ীভাৱে সমাধান কৰিব নোৱাৰাত উদ্বেগ প্ৰকাশ আম আদমি পাৰ্টীৰ। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আৰু মেঘালয়ত সহযোগী দলৰ চৰকাৰ থকাৰ পাছতো বিজেপিৰ আন্তৰিকতাৰ অভাৱৰ বাবে উল্লেখিত সমস্যাটো সমাধান কৰিব পৰা নাই বুলি আপে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰে।

Advertisment

লগতে উল্লেখ কৰে যে দক্ষ মন্ত্ৰী অথবা মুখ্যমন্ত্ৰী বুলি তেওঁৰ অনুগামীৰ দ্বাৰা প্ৰচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ নমুনা এয়াই নেকি বুলিও আপে প্ৰশ্ন কৰে। বিজ্ঞপ্তিটোত আপে মেঘালয়ৰ লোকে অসমৰ সীমাত প্ৰবেশ কৰি সীমান্তবাসীৰ ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে এখন কৰ সংগ্ৰহ কৰা গে'ট ভাঙি পেলোৱাৰ প্ৰসংগ উত্থাপন কৰে।

এনে ঘটনাৰ পাছতো অসম চৰকাৰে নিতাল মাৰি শুই থকাত ভুক্তভোগী সীমান্তবাসীয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা বুলি বিজ্ঞপ্তিত উল্লেখ। সীমান্তবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিজ্ঞপ্তিৰযোগে আপ অসমৰ সভাপতি ড০ ভবেন চৌধুৰীয়ে দাবী জনায়।

Also Read: আজি ৰিয়ানে পাব নে দলত স্থান ? লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ

aam aadmi party