জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙৰ বিজনীত আক্ৰাছুৰ জোঁৰ সমদল...

জোঁৰ সমদলত আৰক্ষীৰ বাধা প্ৰদান
জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত চিৰাঙৰ বিজনীত আক্ৰাছুৰ জোঁৰ সমদল...

ডিজিটেল সংবাদ, চিৰাং : ঐতিহাসিক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙ্গলবাৰ সন্ধিয়া চিৰাং জিলাৰ বিজনীত চহৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিকৰ সহযোগত জোঁৰ সমদল উলিওৱা হয় ।

বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ৰ পৰা জোঁৰ সমদল উলিওৱাৰ সময়তে বিজনী থানাৰ পৰা আৰক্ষী দল কাৰ্যালয়টোৰ সন্মুখত উপস্থিত হৈ জোঁৰ সমদলক বাধা প্ৰদান কৰে। ইয়াকে কেন্দ্ৰ কৰি আক্ৰাছুৰ সদস্য আৰু আৰক্ষীৰ সৈতে কিছু সময় তীব্ৰ বিতণ্ডাৰ হয় ।

পৰৱৰ্তী সময়ত আক্ৰাছুৰ সদস্য সকলে আকোঁৰগোজ স্থিতি লৈ কাৰ্যালয়টোৰ চৌহদতে হাতে হাতে মশাল লৈ প্ৰতিবাদী ৰাইজে কোচৰাজবংশী জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক, পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক, জনজাতি কৰণ অবিহনে ক্ষান্ত নহও, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আক্ৰাছু জিন্দাবাদ আদি শ্লোগানেৰে কাৰ্যালয়টোৰ চৌহদ উত্তাল কৰি তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in