নিৰাশা-হতাশাত আশা কৰ্মী

সম্বৰ্ধনা পত্ৰ ল'বলৈয়ো নাহিল বহুকেইগৰাকী আশা কৰ্মী

author-image
Asomiya Pratidin
New Update
নিৰাশা-হতাশাত আশা কৰ্মী

ডিজিটেল সংবাদ,ধেমাজি : নিৰাশা-হতাশাত ধেমাজিৰ আশা কৰ্মী। ধেমাজি জিলাৰ আশা কৰ্মীসকলকলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় আশা অভিৱৰ্তন ২০২৩। দিনজোৰা কাৰ্য্যসূচীৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ধেমাজি জিলা স্বাস্থ্য সমিতিয়ে অনুষ্ঠিত কৰা আশা অভিৱৰ্তন ২০২৩ৰ অনুষ্ঠানকলৈ একাংশ আশা কৰ্মীয়ে ক্ষুব্ধ হৈ পৰে।

Advertisment

অভিযোগমতে দিনে ৰাতি স্বাস্থ্য বিভাগে আশা কৰ্মীসকলক বিভাগৰ সৰু বৰ সকলো কামকাজত লগাই বিভাগৰ কামকাজসমূহ আদায় কৰি আহিছে যদিও কৰ্মীসকলৰ সমস্যাসমূহৰ প্ৰতি কোনোদিনে গুৰুত্ব দিয়া নাই ৷ এই অভিৱৰ্তনে আশা কৰ্মীসকলৰ কোনো সমস্যা সমাধান নকৰে ৷

সেইবাবে অভিৱৰ্তনলৈ অহা একাংশ ক্ষুব্ধ আশা কৰ্মীয়ে মুকলিকৈ প্ৰতিবাদ কৰি আন্দোলনৰ হুংকাৰ দিয়ে ৷ উল্লেখ্য যে ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত নিৰ্দ্ধাৰিত সময়তকৈ বহু পলমকৈ আয়োজন কৰা অভিৱৰ্তনত উদ্যোক্তাসকলে আটকধুনীয়াকৈ নিৰ্মাণ কৰা তোৰণ , বৃহৎ ভোজনালয় আৰু আশা  কৰ্মীৰ পঞ্জীয়ন কক্ষ সাজি উলিয়াইছিল যদিও জিলাখনৰ ৭৪৬  গৰাকী আশা কৰ্মীৰ ভিতৰত প্ৰায় ১০০ গৰাকীহে উপস্থিত থাকে ৷

যাৰ ফলত ৰাজহুৱা প্ৰেক্ষাগৃৰ  মঞ্চৰ সন্মুখত সৰহসংখ্যক আসনে খালী হৈ থাকে। আন নালাগে সম্বৰ্ধনা পত্ৰ ল'বলৈয়ো নাহিল বহুকেইগৰাকী আশা কৰ্মী ৷ এনে কৰ্মকাণ্ডই উদ্যোক্তা আৰু উপস্থিত থকা আশা কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

Also Read: লামডিংত অঘটন ! ৰেল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ

health