/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ff949634-558c-4cbd-a8db-8270f23d3fdf/goru_sur.jpg)
থানা
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ গৰু বলপূৰ্বকভাবে কাঢ়ি নি যুৱক পৰিল আৰক্ষীৰ জালত ৷ কিছুদিন পূৰ্বে ছুৰুত জামান আহমেদ নামৰ যুৱকজনে বিজেপিৰ জিলা যুৱ মৰ্চাৰ উপসভাপতিৰ দায়িত্ব পালন কৰিছিল। কিন্তু আজি তেওঁ জেলৰ ভাত খাবলগীয়া হৈছে। ছুৰুতৰ বিৰুদ্ধে অভিযোগ- আৰক্ষীৰ নাম লৈ বলপূৰ্বকভাবে কাঢ়ি নিয়ে ৭ টাকৈ গৰু।
প্ৰাপ্ত অভিযোগ মতে, যোৱা ২৭ মাৰ্চৰ পুৱা প্ৰায় ৬ বজাত ধুবুৰী জিলাৰ মাজেৰ চৰৰ পৰা তিনি গো পালকে তেওঁলোকৰৰ গোহালীৰ পৰা ৭টা গৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সপ্তাহিক বজাৰলৈ বিক্ৰীৰ বাবে যন্ত্ৰচালিত নাওঁযোগে নদী পথেৰে নি আছিল। তেনে সময়ত ছুৰুত জামান আন একাংশ সহযোগীৰ সৈতে অন্য এখন নাওৰে আহি দক্ষিণ শালমাৰা আৰক্ষীৰ নাম লৈ নাওঁখন ৰখাই গৰু কেইটা কাঢ়ি নিয়ে।
ঘটনাক লৈ ভুক্তভোগী তিনি গো পালকে দক্ষিণ শালমাৰা থানাত উপস্থিত হৈ গৰু জব্দৰ সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰে ৷ অভিযোগ প্ৰদান কৰে যদিও আৰক্ষীয়ে বিষয়টো অৱগত নহয় বুলি প্ৰকাশ কৰাত গো-পালক তিনিজনৰ সন্দেহ হয়। আদালত আৰু গাওঁ পঞ্চায়তৰ অনুমতি লৈ গৰু কেইটা বিক্ৰীৰ বাবে গো-পালনক তিনিজনে নদী পথেৰে নি আছিল যদিও ছুৰুত জামান বাহিনীয়ে কাঢ়ি নিয়াৰ অভিযোগ তুলি ২৯ মাৰ্চত হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষকক এখন এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিতে দক্ষিণ শালমাৰা আৰক্ষীয়ে ছুৰুত জামান আহমেদক গ্ৰেপ্তাৰ কৰি সোমবাৰে হাটশিঙিমাৰী আদালতত হাজিৰ কৰে ৷ আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে অভিযুক্ত যুৱকজনক। ছুৰুত জামান দীৰ্ঘ দিনৰ পৰা দক্ষিণ শালমাৰা থানাত দালালি কৰি আহিছে বুলিও গো-পালক কেইজনে অভিযোগ তুলিছে।
লক্ষণীয় যে ছুৰুত জামান আহমেদৰ পূৰ্বেও এটা ভিডিঅ ভাইৰেল হৈছিল। ভিডিঅ ভাইৰেল হোৱাৰ বাবে তেওঁক জিলা বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছিল। কিন্তু লক্ষণীয় বিষয় এয়া যে ছুৰুত জামান কাৰ ছত্ৰছায়াত এইদৰে নদীত গৈ গৰু জব্দ কৰাৰ সাহস পালে সেয়া অতিকৈ ৰহস্যজনক। ঘটনাটো সঠিক ভাবে তদন্ত কৰিলে কেচু খান্দোতে সাপ ওলাব নেকি তাক লৈ সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।
Also Read: নগাঁও জিলাৰ কচুৱাত আবিৰ্ভাৱ হৈছে এজন স্বয়ম্ভু চিকিৎসকৰ...