আছুৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি

আছুৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি

author-image
Asomiya Pratidin
New Update
আছুৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি

আছুৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি

ডিজিটেল সংবাদ হাজোঃ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি।হাজো সমষ্টিৰ বাৰাংহাটী চকীৰৰবিত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ডেকাক।

Advertisment

পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱাকৈ আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ নেতা ৰাকীক বিপুল সম্বৰ্ধনা জনোৱা জনোৱা হয়। ছাত্ৰ নেতা চিন্ময় কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত মুখ্য অথিতি হিচাপে উপস্থিত থাকে ছাত্ৰ নেতা ধৰ্মেশ্বৰ দাস।

ৰঙিয়া মহকুমা ছাত্ৰ সন্থা, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে আসন শুৱনি কৰি পিছত কেন্দ্ৰীয় ছাত্ৰ নেতা ৰূপে আসন পোৱা ভৱজ্যোতি ডেকাক ফুলাম গামোচা, জাপি মনপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল সংগঠনে ভৱজ্যোতি ডেকাক সম্বৰ্ধনা জনাই আগুৱাই যোৱাৰ আশীৰ্বাদ দিয়ে।

Also Read: আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত আক্ৰমণ...

হাজো আছু