আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত আক্ৰমণ...

আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত আক্ৰমণ...

author-image
Asomiya Pratidin
New Update
আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত আক্ৰমণ...

আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰত আক্ৰমণ...

ডিজিটেল ডেস্কঃ আলফা চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰৰ পাছতে আলফা (স্বাধীন)ৰ সৈতেও আলোচনাৰ বাট মুকলি হোৱাৰ বিষয়ে চৰ্চা অব্যাহত থকাৰ সময়তে আলফা(স্বাধীন)ৰ শিবিৰত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে।

Advertisment

আলফা (স্বাধীন)ৰ ম্যানমাৰত থকা চলমান শিবিৰত দেওবাৰে সংঘটিত হয় এই আক্ৰমণ। ড্ৰোণৰ সহায়ত হোৱা এই আক্ৰমণত দুজন কেডাৰ আহত হৈছে।

প্ৰথমে বিয়লি ৪:১০ বজাত প্ৰথমটো আক্ৰমণ হোৱাৰ পাছত ৪:১২ বজাত দ্বিতীয়টো আক্ৰমণ হয়। ইয়াৰ পিছত ৪ঃ২০ বজাত হয় তৃতীয়টো আক্ৰমণ। অৱশ্যে তৃতীয়টো বোমা নুফুটিল বুলি দাবী সংগঠনটোৰ।

Also Read: জামুগুৰিহাটৰ ভিন্ন স্থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

আলফা (স্বাধীন)