নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ সজাতি দলৰ

নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ সজাতি দলৰ

ডিজিটেল সংবাদ,নামৰূপ : এক সবল আন্তঃগাঁথনিৰে ভৰপূৰ দেশৰ ভিতৰতে এটা  আইকনিক উদ্যোগ হোৱাৰ ক্ষমতা থকা উদ্য়োগ হৈছে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেড। এই উদ্যোগটো কেৱল কেন্দ্ৰীয় চৰকাৰে এলাগী কৰাৰ বাবে উদ্যোগটোৱে আজি উন্নতিৰ মুখ দেখা নাই বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে। 

উল্লেখ্য যে,কেতিয়াবাই সোণালী জয়ন্তী পাৰ কৰা এই উদ্যোগটো কেৱল মাত্ৰ শ্ৰমিক কৰ্মচাৰী আৰু নিপুণ বিষয়াসকলৰ নিৰন্তৰ প্ৰচেষ্টাত  কাৰ্যক্ষম হৈ আছে আৰু দেশৰ ভিতৰতে সৰ্বোত্তম মানৰ ইউৰীয়া উৎপাদন কৰি আহিছে। তথাপি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা  উদ্যোগটোৰ ভৱিষ্যতক লৈ অথবা চতুৰ্থটো  উৎপাদন গোট স্থাপন সন্দৰ্ভত নিশ্চিত সিদ্ধান্ত নিদি কেতিয়াবা বন্ধ কৰাৰ ভাবুকি,কেতিয়াবা নেন' ইউৰীয়া স্থাপনৰ ঘোষণাৰে অসমবাসীক আভুৱা ভাৰি আহিছে। 

পৰিপ্ৰেক্ষিততে অসম পেট্ৰকেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাসহ নামৰূপ সাৰ কাৰখানাৰ তিনিওখন ইউনিয়ন ক্ৰমে ফাৰটিলাইজাৰ ওৱৰকাৰ্ছ ইউনিয়ন, ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়ন আৰু  ইণ্ডিপেণ্ডেণ্ট ইউনিয়নৰ তৰফৰ পৰা এটি সজাঁতি দল দিল্লীলৈ  ৰাওনা হয়। কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে দলটো দিল্লীলৈ ৰাওনা হোৱা বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত ওৱৰকাৰ্ছ  ইউনিয়ন সভাপতি বৈকুন্ঠ ঠাকুৰীয়াই কয় যে,অসমৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰামেশ্বৰ তেলীক শুকুৰবাৰে তেওঁলোকে সাক্ষাৎ কৰে। সাক্ষাৎ কালত  চতুৰ্থ গোট  স্থাপনৰ বাবে অইল ইণ্ডিয়াৰ অংশীদাৰীত্ব বৃদ্ধি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে জানিবলৈ দিয়ে ।

আনহাতে ডিব্ৰুগড় জিলাৰ সংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাক্ষাৎ কালত সজাঁতি দলটোক জনাই যে,  বি ভি এফ চি এলৰ প্ৰস্তাৱিত নতুন গোটটোত অইল ইণ্ডিয়া লিমিটেডক ৫হেজাৰ কোটি বিনিয়োগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইফালে অতি শীঘ্ৰে নতুন নেন' প্ৰকল্পটোৰ আধাৰ শিলা স্থাপন কৰিবলৈ কেন্দ্ৰীয় সাৰ মন্ত্ৰী নামৰূপত উপস্থিত হ'ব বুলিও অসমৰ প্ৰতিনিধি দুগৰাকীয়ে জানিবলৈ দিয়ে ।

অহা দুদিনত সজাঁতি দলটোৱে ক্ৰমে সাৰ মন্ত্ৰী,সাংসদ বীৰেন বৈশ্য আৰু গৌৰৱ গগৈকো সাক্ষাৎ কৰিব বুলি শ্ৰমিক নেতাজনে জানিবলৈ দিয়ে।

নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ সজাতি দলৰ
মুকালমুৱাত খাদ্যত বিষক্ৰিয়া : শিশুসহ অসুস্থ শতাধিক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in