এখন সুস্থ সমাজ আৰু এখন শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম : ময়ূৰ বৰা

এখন সুস্থ সমাজ আৰু এখন শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম : ময়ূৰ বৰা

ডিজিটেল সংবাদ,বেবেজীয়া : ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্র সংগঠনে দেশজুৰি আৰম্ভ কৰিছে মাই ভাৰত বিকশিত ভাৰত @2047 (My Bharat Viksit Bharat @2047)। ইয়াকে মূল লক্ষ্য হিচাপে লৈ কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্রৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ কাৰ্যসূচী অনুষ্ঠিত হয়।

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন মল্লবুজৰবৰুৱাই । অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিৱন্ধকাৰ,সমালোচক ময়ূৰ বৰা, বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যাপক ক্রমে ড০ লোহিত সৰকাৰ, ড০ সংগীতা ৰাণী কলিতা, ড০ ডেইজী চাংমাই।

অতিথিৰ ভাষণত ময়ূৰ বৰাই কয় যে, এখন সুস্থ সমাজ আৰু এখন শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম। শিক্ষিত নাৰীয়ে এখন শক্তিশালী সমাজ গঠন কৰিব আৰু জনসংখ্যা প্ৰতিৰোধত অগ্রণী ভূমিকা গ্রহণ কৰিব। গতিকে নাৰীক অধিক শক্তিশালী আৰু শিক্ষিত কৰি তুলিবলৈ সকলোৱে আগভাগ লোৱা উচিত ৷

বৰ্তমান সময়ত ডিজিটেল ইণ্ডিয়াৰ আহিলাৰ অত্যাধিক ব্যৱহাৰে যুৱক যুৱতীক বিপথে পৰিচালিত কৰা দেখা যায়। গতিকে ইয়াৰ সঠিক ব্যৱহাৰৰ জৰিয়তে প্ৰকৃত লাভালাভ গ্রহণ কৰি ব্যক্তিগত উন্নয়নৰ লগতে সমাজ তথা দেশক সমৃদ্ধিশালী কৰি তুলিব পাৰিব ৷ এই ক্ষেত্ৰত নবপ্ৰজন্মক আগবাঢ়ি আহিবলৈ বৰাই আহ্বান জনায় ৷

ময়ূৰ বৰাৰ লগতে অন্য অতিথিসকলৰ বক্তব্যই উপস্থিত যুৱ প্ৰতিনিধিসকলক আপ্লুত কৰে ৷ যুৱ সংসদৰ অংশ হিচাপে যুৱ প্ৰতিনিধি সকলৰ জৰিয়তে সংসদৰ এক চিত্ৰ - অধ্যক্ষ, প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি , চৰকাৰী সাংসদ, বিৰোধী সাংসদ আদি আসনত উপবিষ্ট কৰোৱাই "ম'ক পাৰলিয়ামেন্ট" ৰ ( Mock Parliament) দৃশ্য ৰূপায়ণৰে কাৰ্যসূচীক এক অনন্য মাত্রা প্ৰদান কৰে।

উপস্থিত যুৱ প্ৰতিনিধিসকলে ম'ক পাৰলিয়ামেন্টৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত হয় ৷ নেহৰু যুৱ কেন্দ্র কামৰূপ মহানগৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্যই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যাৰ জৰিয়তে কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ দিনজোৰা যুৱ সংসদ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ বাবে নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচীৰ পৰ্যবেক্ষক জীৱন চন্দ্ৰ দ'লে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

এখন সুস্থ সমাজ আৰু এখন শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম : ময়ূৰ বৰা
অসমৰ ভূমিত পদাৰ্পণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in