চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে মনোজ্ঞ আলোচনাচক্ৰ

সভাত উপস্থিত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে মনোজ্ঞ আলোচনাচক্ৰ

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ (IQAC) আৰু এন ই পি টাস্ক ফ’ৰ্চৰ সহযোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উচ্চ শিক্ষানুষ্ঠানত কিদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ন কৰা হ'ব তাৰ সন্দৰ্ভত এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমূহ শিক্ষক- কৰ্মচাৰী লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত আলোচনাচক্ৰখনি উদ্বোধন কৰে অধ্যক্ষ ড° ৰঞ্জীত শইকীয়াই। আদৰণি ভাষণত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে কিদৰে ভাৰতৰ শিক্ষা ব্যৱস্থাক পৰিৱৰ্তন সাধন কৰিব আৰু এই শিক্ষা ৰূপায়নৰ ক্ষেত্ৰত হ'ব পৰা সমস্যাৰ লগতে শিক্ষক কৰ্মচাৰীসকলে ল'বলগীয়া ভূমিকাৰ বিষয়ে গুৰুত্ব উল্লেখ কৰে ।

অধ্যক্ষৰ ভাষণৰ পাছতে IQAC আৰু এন ই পি টাস্ক ফ’ৰ্চৰ সমন্বয়ক ড° পাৰ্থ নাথ দত্তই "NEP 2020 IMPLEMENTATION ON HIGHER EDUCATION" শীৰ্ষক বিষয়ৰ সম্পৰ্কে অভিভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত উচ্চ শিক্ষানুস্থানসমূহত হ'বলগা পৰিবৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে উচ্চ শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম আৰু পাঠ্য তালিকাসমূহৰ আন্তঃগাঁথনিৰ পৰা হ'ব পৰিবৰ্তন সম্পৰ্কে বিতংকৈ ব্যক্তব্য আগবঢ়ায়।

সভাত উপস্থিত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ড° দত্তই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ওপৰত শিক্ষক ছাত্ৰসকলৰ মাজত থকা সংশয়সমূহ দূৰ কৰাৰ চেষ্টা কৰে। সভাৰ শেষত ড° প্ৰদীপ উপাধ্যায়ই শলাগৰ শৰাই আগবঢ়াই আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সফলতাৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ৰূপায়ন হোৱাত সকলো সহায় সহযোগিতা কামানা কৰে।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে মনোজ্ঞ আলোচনাচক্ৰ
উচ্চতম ন্যায়ালয়ত দাখিল কৰক আদানীৰ বিৰুদ্ধে প্ৰমাণ, কোনো দোষীয়েই সাৰি নাযায় : অমিত শ্বাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in