amit shah
amit shah

উচ্চতম ন্যায়ালয়ত দাখিল কৰক আদানীৰ বিৰুদ্ধে প্ৰমাণ, কোনো দোষীয়েই সাৰি নাযায় : অমিত শ্বাহ

ডিজিটেল ডেস্ক : অৱশেষত আদানী সন্দৰ্ভত মন্তব্য প্ৰদান কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । আদানী-হিণ্ডেনবাৰ্গ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি যোৱাৰ পাছত প্ৰাৰম্ভিক পৰ্যায়ত নীৰৱে ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰ্যালয় । কিন্তু শেহতীয়াকৈ আদানীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ প্ৰাবল্য বাঢ়ি যোৱাত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ জৰিয়তে এখন বিচাৰপীঠ তৈয়াৰ কৰিছিল এই গোচৰসমূহৰ সত্যতা বিচাৰ কৰিবলৈ । এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, দেশবাসীক আদানীৰ বিৰুদ্ধে থকা প্ৰমাণ সমূহ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে । সেই সমূহৰ ভিত্তিত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব দোষীৰ বিৰুদ্ধে । ভাৰতত কোনো দোষীয়েই সাৰি নাযায় ন্যায়লয়ৰ দৃষ্টিৰ পৰা ।

একে সময়তেই অনুসন্ধানকাৰী সংস্থাসমূহক প্ৰত্যাহ্বান জনাই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, যদি আদানীৰ বিৰুদ্ধে সচাকৈ কোনো প্ৰমাণ আছে তেন্তে ৰাজপথত আন্দোলন কৰাতকৈ ন্যায়ালয়ৰ দ্বাৰস্থ হওক সংস্থাসমূহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in