স্বাধীনতাৰ সংজ্ঞা বিচাৰি বাটে-পথে...

স্বাধীনতাৰ সংজ্ঞা বিচাৰি বাটে-পথে...
Summary

আজি ১৫ আগষ্ট, দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । প্ৰায় ২০০ বছৰীয়া পৰাধীনতাৰ শিকলি চিঙি ভাৰতে ১৯৪৭ চনৰ আজিৰ দিনটোতেই বৃটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল । এই যাত্ৰা কোনো কালেই সুগম নাছিল স্বাধীনতাকামী সংগ্ৰামী সত্ত্বাসকলৰ বাবে । হেজাৰ বিজাৰ ভাৰতীয়ৰ বুকুৰ তপত তেজৰ ত্যাগৰ পৰিণাম আজিৰ এই স্বাধীনতা । আজিৰ দিনটোৰ স্বাধীনতা দিৱসৰ সংজ্ঞা কি ? এই সংজ্ঞা বিচাৰি জয়দীপ নাৰায়ণ দেবৰ এক বিশেষ প্ৰতিবেদন-

স্বাধীনতা লাভৰ পাছতো ৭৬টা বছৰৰ আন এক সংগ্ৰামৰ ফচল আজিৰ এই স্বাধীনতা । এই সংগ্ৰাম অৱশ্যে কোনো বিদেশী শক্তিৰ বিৰুদ্ধে নাছিল, বৰং ভাৰতক আন্ত:ৰাষ্ট্ৰীয় মঞ্চত এক সগৌৰৱেৰে থিয় হৈ থাকিব পৰা স্থান লাভৰ সংগ্ৰাম আছিল । এইখন সংগ্ৰামৰো ত্যাগ অপৰিসীম । ৭৬টা বছৰৰ পাছত আজি দেশৰ প্ৰান্তে প্ৰান্তে উত্তোলন কৰা হৈছে প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ভাৰতীয় জাতীয় পতাকাখন ।

কিন্তু এই সকলোবোৰৰ মাজতো আজি স্বাধীনতাৰ সংজ্ঞা ধূসৰ । বিভিন্ন কাৰকৰ এখন অদৃশ্য মকৰাজালত আৱদ্ধ ইয়াৰ সংজ্ঞা । ইয়াৰ বাবে কোনোৱেই দোষী নহয় প্ৰাৰম্ভিক স্তৰত কিন্তু একে সময়তেই প্ৰত্যেকজন ভাৰতীয়ই দোষী সামগ্ৰিকভাৱে । ক'ৰ'বাত যদি ঘৰ জ্বলিছে আন ক'ৰ'বাত আকৌ দেশৰ নাৰীৰ সন্মান ভূলুন্ঠিত হৈছে । তেনেস্থলত স্বাধীনতাৰ সংজ্ঞা কি ?

এই প্ৰশ্ন আজিৰ দিনটোত নিজৰ যান-বাহনত জাতীয় পতাকা বান্ধি ফুৰিবলৈ যোৱা সকলৰ সৈতেই সেই প্ৰত্যেকজন ভাৰতীয়ৰ বাবেও যি যোৱা নিশা বাসগৃহৰ অভাৱত পদপথত নিশা কটাইছে, সেই প্ৰতিজন ভাৰতীয়ৰ প্ৰতি যি যোৱা নিশাৰ আহাৰ কৰিব পৰা নাই, সেই প্ৰতিজন ভাৰতীয়ৰ প্ৰতি যি বিবস্ত্ৰা নাৰীক ৰাজপথত পেৰেড কৰাই পৈশাচিক আনন্দ লাভ কৰিছিল ।

এই স্বাধীনতাৰ সংজ্ঞা বিচাৰিয়েই অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দীপ নাৰায়ণ দেব আৰু ভাস্কৰ শৰ্মা উপস্থিত হৈছিল মহানগৰীৰ শিলপুখুৰীস্থিত পদপথৰ দাতিৰ দোকানসমূহত । মহানগৰীত স্বাধীনতা দিৱস অথবা গণতন্ত্ৰ দিৱসৰ প্ৰাক্-ক্ষণত সততেই দেখা এক দৃশ্য হৈছে পদপথত ভাৰতৰ জাতীয় পতাকা বিক্ৰী কৰা বিপনীসমূহ । অস্থায়ী এই বিপনীসমূহৰ লাভ দুদিনীয়া ।

কোনোবা বাহন এখনে যদি পতাকাখন বাহনত বান্ধি লৈছে, আন কোনোবা পথচাৰীয়ে আকৌ জাতীয় পতাকাৰ দৰেই নিৰ্মিত বেজ এটা বুকুত আঁৰি লৈছে এনে বিপনীসমূহৰ পৰা ক্ৰয় কৰি । যিদৰে এই বিপনীসমূহৰ জাতীয় পতাকাৰ ব্যৱসায় দুদিনীয়া একে সময়তেই কিন্তু স্বাধীনতাৰ সংজ্ঞা চিৰস্থাৱৰ এওঁলোকৰ মনত । অৱশ্যে প্ৰত্যেকৰে বাবেই এই সংজ্ঞা পৃথক ।

তেনেদৰেই আমি লগ পাইছিলো এগৰাকী ব্যৱসায়ী হানিব আলিক । হানিব আলি আজিৰ দিনটোত পতাকা বিক্ৰী কৰাত ব্যস্ত, অৱশ্যে বাকী সময়ছোৱাত অৰ্থাৎ বছৰটোৰ আন ৩৬৩ টা দিন শাক-পাচলিৰ দোকানত বহে হানিব আলি ।

হানিব আলিক আমি সোধা প্ৰথমটো প্ৰশ্ন আছিল আজিৰ দিনটোৰ কৰ্মব্যস্ততা সম্পৰ্কে । আজিৰ দিনটোৰ কৰ্মব্যস্ততাও সকলোৰে বাবে পৃথক । যি সময়ত কোনোবাই হয়তো নিজা বাসগৃহতেই পৰিয়ালৰ সৈতে ব্যস্ত, আন কোনোবা হয়তো ফুৰিবলৈ গৈছে । একে সময়তেই আকৌ সীমান্তত ব্যস্ত সৈনিকসকল, নাগৰিকৰ সুৰক্ষাত ব্যস্ত আৰক্ষী প্ৰশাসন । সকলোৰে বাবেই একেই স্বাধীনতা দিৱস কিন্তু সংজ্ঞা সুকীয়া ।

হানিব আলিৰো একেই মত আছিল এই কৰ্মব্যস্ততা সম্পৰ্কে । স্বাধীনতা দিৱসৰ দিনাই দেশৰ জাতীয় পতাকা বিক্ৰী কৰাত ব্যস্ত হানিব আলি । সমগ্ৰ ঘটনাটোৱেই এক ৰূপকাত্মক কথা । কিন্তু হানিব আলিৰ দৰে একাংশই পতাকা বিক্ৰী কৰাৰ বাবেই আজি প্ৰতিজন ভাৰতীয়ই নিজা বাহন, বাসগৃহত সহজেই উত্তোলন কৰিবলৈ পাইছে পতাকাখন ।

পতাকা যোগানৰ খাতিৰত হানিব আলি আজিৰ দিনটোত কৰ্মৰ সন্মুখত পৰাধীন হৈও স্বাধীন । আকৌ একেই ভোকৰ তাড়নাত ব্যৱসায়ৰ বাবে ওলাই অহা হানিব আজি স্বাধীন হৈও পৰাধীন । সেইবাবেই আজিৰ দিনটোত স্বাধীনতাৰ সংজ্ঞা ধূসৰ সকলোৰে বাবে ।

হানিব আলিক আমি সোধা দ্বিতীয়টো প্ৰশ্ন আছিল কিছু ক্ষেত্ৰত প্ৰাসংগিক । হানিব আলিৰ নামটোৰ পৰাই ইতিমধ্যে পঢ়ুৱৈসকলে অনুমান কৰিব পাৰিছে তেওঁৰ ধৰ্ম কি । হানিব আলি ধৰ্মসূত্ৰে মুছলমান সম্প্ৰদায়ৰ ।

আজি দেশ ধৰ্মৰ নামত বিভাজন হোৱাৰ দিশে বহু ক্ষেত্ৰত । ধৰ্মীয় উন্মাদনাত উত্তাল এচাম । গৰাখহনীয়াৰ কৰালগ্ৰাসত আজিৰ সমাজ । দেশৰ ভেটি পৰ্যন্ত থৰক-বৰক । অৱশ্যে সকলো লোকেই তেনে নহয় । সীমান্তত সেনাৰ পোছাকযোৰ পৰিধান কৰাৰ পাছত আপোনাক সোধা নহয় আপোনাৰ ধৰ্ম কি । তেতিয়া আপোনাৰ ধৰ্ম দেশপ্ৰেম ।

এই দেশপ্ৰেম সন্দৰ্ভতো আছে বহু সংজ্ঞা । প্ৰখ্যাত অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মতে দেশ এখন সুকলমে চলাই নিবলৈ প্ৰয়োজন নহয় দেশপ্ৰেমৰ । যদি মন্ত্ৰী এগৰাকীয়ে নিজৰ কৰ্ম সুকলমে পালন কৰে, যদি মটৰ মেকানিক এগৰাকীয়ে নিজৰ কৰ্ম সুকলমে পালন কৰে তেন্তে সমগ্ৰ দেশখনেই সুকলমে চলি যাব । হানিব আলিক আমি সুধিছিলো আজিৰ এনে পৰিস্থিতিৰ মাজত তেওঁৰ মতে স্বাধীনতাৰ সংজ্ঞা কি ?

হানিব আলিয়ে কৈছিল, "দেশত যিদৰে ধৰ্মৰ নামত মৰা-কটা চলি থাকিব, তাৰ মাজতেই ক'ৰ'বাত হয়তো মুছলমান সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে বিক্ৰী কৰা পতাকা কোনো হিন্দু লোকে ক্ৰয় কৰিব সেইদৰেই আন কোনো ঠাইত হয়তো কোনো হিন্দু লোকে বিক্ৰী কৰা পতাকা কোনো মুছলমান সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিব । এই সম্পৰ্ক কেৱল পতাকাৰ মাজৰেই নহয় বৰং দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো বস্তুৰ মাজেৰেই ।"

হানিব আলিৰ মতে এয়াই স্বাধীনতা । স্বাধীনতাৰ এই সম্পৰ্ক আৰু সংজ্ঞা কিন্তু ৩৬৫টা দিনৰ বাবেই । হানিব আলিৰ এই দুটা উত্তৰৰ মাজতেই আমি আজিৰ দিনটোত বিচাৰি ফুৰা সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিছিলো ।

স্বাধীনতাৰ সংজ্ঞা বিচাৰি যোৱা এই কাৰ্যত আমাৰ লক্ষ্য প্ৰাথমিকভাৱে কোনো সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিক বিচাৰি বিতৰ্কিত মন্তব্যৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ কৰা নাছিল । আমি উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰথমগৰাকী ব্যক্তিয়েই আছিল হানিব আলি ।

হানিব আলিৰ উত্তৰৰ পাছত আজি স্বাধীনতাৰ সংজ্ঞাৰ ধূসৰ দৃশ্য কিছু পৰিমাণে স্পষ্ট । ভাৰত এখন তৃতীয় বিশ্বৰ দেশ, এই দেশত প্ৰতিজন নাগৰিকেই আনজনৰ সৈতে বিভিন্ন মাধ্যমৰ জৰিয়তে সংপৃক্ত । তাৰ মাজতেই কোনোবাটো অঞ্চল হিংসাজৰ্জৰ যদি আন কোনোবাটো অঞ্চল শান্তিপূৰ্ণ । যিদৰে হিংসাজৰ্জৰ অঞ্চলটো আমাৰ বাবে এক অভিন্ন অংগ ঠিক সেইদৰেই শান্তিপূৰ্ণ অঞ্চলো আমাৰ অংগ ।

তাৰ মাজতেই হয়তো স্বাধীনতা দিৱস আৰু স্বাধীনতাৰ সংজ্ঞা সকলোৰে বাবে পৃথক কিন্তু স্বাধীনতা দিৱসৰ দিন আৰু ৰাষ্ট্ৰ একেই সকলো ভাৰতীয়ৰ বাবে ।

স্বাধীনতাৰ এই ৭৬টা বছৰ সম্পূৰ্ণ কৰা যাত্ৰাত দেশবাসীৰ সংগী নানান উত্থান-পতন, সফলতা-বিফলতা । এই সকলোখিনিৰেই কৃতিত্ব আৰু দায়িত্ব প্ৰতিজন দেশবাসীৰেই । যিদৰে স্বাধীনতাৰ সংজ্ঞাৰ কাৰক সামগ্ৰিকভাৱে হ'লেও প্ৰতিজন ভাৰতীয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in