পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল : আগবাঢ়ি আছে তৃণমূল

পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল : আগবাঢ়ি আছে তৃণমূল

ডিজিটেল ডেস্ক : হিংসাত্মক ঘটনাৰ মাজেৰে ৮ জুলাইত অনুষ্ঠিত হোৱা পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়। ভোট গণনাৰ দিনাও দুই-এক বিক্ষিপ্ত ঘটনাৰ খবৰ আহিছে।

পুৱা ১০-৩০ বজালৈকে অহা খবৰ অনুসৰি ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় তৃণমূল কংগ্ৰেছে আগবাঢ়ি আছে। এই মূহুৰ্তলৈকে অহা ফলাফল অনুসৰি তৃণমূল কংগ্ৰেছে ৪৪৫ খন গাওঁ পঞ্চায়তত আগবাঢ়ি আছে। বিজেপি আগবাঢ়ি আছে ২১খন গাওঁ পঞ্চায়তত।

পঞ্চায়ত সমিতিত তৃণমূল কংগ্ৰেছ ১৩৬ খনত আগবাঢ়ি আছে। ১৭টা জিলা পৰিষদত আগবাঢ়ি আছে তৃণমূলৰ প্ৰাৰ্থী।

পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল : আগবাঢ়ি আছে তৃণমূল
আজি পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in