লামডিং ৰে'লৱে ষ্টেচনত উদ্ধাৰ এটি নৱজাত শিশু

লামডিং ৰে'লৱে ষ্টেচনত উদ্ধাৰ এটি নৱজাত শিশু

ডিজিটেল সংবাদ,লামডিং : লামডিঙত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা ! লামডিং ৰে'লৱে ষ্টেচনত উদ্ধাৰ হৈছে এটি নৱজাত শিশু ৷ ষ্টেচনৰ ২নং প্লেটফমৰ্ত উদ্ধাৰ কৰা হৈছে শিশুটিক ৷

উল্লেখ্য যে ১৫৭৬৯নং লামডিং-আলিপুৰদুৱাৰ ইন্টাৰচিটি এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ ডবাত শুনিছিল শিশুটিৰ কান্দোনৰ শব্দ। কান্দোনৰ শব্দ শুনিয়েই এগৰাকী যাত্ৰীয়ে আৰক্ষীক খবৰ দিছিল বুলি এক সূত্ৰত প্ৰকাশ ৷

এই ঘটনা লাভ কৰিয়েই লামডিং ৰে'ল আৰক্ষী আৰু আৰ পি এফে ৰে'লখনৰ এটি ডবাৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰে ৷ জানিব পৰা মতে আৰক্ষীয়ে শিশুটিৰ চিকিৎসাৰ বাবে লামডিঙৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

জন্মৰ পৰা পুত্ৰ শিশুটিৰ শৰীৰত দুটাকৈ বিসংগতি থকাৰ বাবেই কোনো পাষণ পিতৃ-মাতৃয়ে সন্তানটিক ৰে'লখনৰ ডবাৰ ভিতৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷

লামডিং ৰে'লৱে ষ্টেচনত উদ্ধাৰ এটি নৱজাত শিশু
গোলাঘাটত কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত বিত্ত মন্ত্ৰী অজন্তা নেওগে চলালে নিৰ্বাচনী প্ৰচাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in