বঙৰাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ গুৰুত্বপূৰ্ণ সভা

নিত্যপ্ৰয়োজনীয় বস্তুৰ মূল্যবৃদ্ধি হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অচিৰেই এই সম্পৰ্কত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তক দিয়াৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
বঙৰাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ গুৰুত্বপূৰ্ণ সভা

ডিজিটেল ডেস্কঃ বঙৰাত শুকুৰবাৰে বিয়লি "দক্ষিণ কামৰূপ সচেতন মঞ্চ"ৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখন দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসৰ সভাপতিত্বত অনুষ্ঠিত‌ হয়।

Advertisment

সভাত মঞ্চৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মা, মুখ্য সচেতক তথা লেখক, জ্যেষ্ঠ সমাজকৰ্মী কমল চন্দ্ৰ মেধি, সদস্য ধৰ্মেন্দ্ৰ দাস, সীমান্ত দাস, জৱাহৰ মেধি, লফিকুল হক, ৰাজীৱ দাস প্ৰভৃতি মঞ্চৰ ‌ বিষয়ববীয়াসকল উপস্থিত থাকে।

জানিবলৈ দিয়া মতে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব লোৱাৰ লগতে অহা ১৪ মে'ত সৰপাৰা হাইস্কুলত দক্ষিণ কামৰূপৰ ভিন ভিন প্ৰান্তৰ জ্যেষ্ঠ শিক্ষাবিদ, সাহিত্যিক, কৃষক, শিপিনি, খেলুৱৈ, সমাজকৰ্মী আদি ভিন্ন ক্ষেত্ৰৰ ২১ জন লোকক সম্বৰ্দ্ধনা জ্ঞাপন কৰিব বুলি সিদ্ধান্ত লয়।

সভাই সাম্প্ৰতিক সময়ত নিত্যপ্ৰয়োজনীয় বস্তুৰ মূল্যবৃদ্ধি হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অচিৰেই এই সম্পৰ্কত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তক দিয়াৰ সিদ্ধান্ত লয় ।

Also Read: গহপুৰত অনলাইন মৌ-কুৃঁৱৰী প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান

meeting