গহপুৰত অনলাইন মৌ-কুৃঁৱৰী প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান

শ্ৰেষ্ঠ মৌ-কুৱৰীলৈ অংকিতা কাথহাজৰিকা স্মৃতি বঁটা

author-image
Asomiya Pratidin
New Update
গহপুৰত অনলাইন মৌ-কুৃঁৱৰী প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, ছয়দুৱাৰ : শিশুৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়াৰ প্ৰচেষ্টা ৰখা সামাজিক মাধ্যমৰ গহপুৰৰ অন্যতম পৃষ্ঠা 'নৰ্থ আসাম নাউ'ৱে অনুষ্ঠিত কৰা অলনাইন মৌ-কুঁৱৰী প্ৰতিযোগীৰ বিজয়ীক শুকুৰবাৰে পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে গহপুৰ চহৰৰ চতিয়াচুকস্থিত এম, ডি, আৰ্ট স্কুলত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ মেদেনি বৰকাকতিৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।

Advertisment

'নৰ্থ আসাম নাউ'ৰ মুখ্য প্ৰশাসক ৰমেন বৰাই আঁত ধৰা সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধ্ৰুৱ বৰা, উপ সভাপতি নিলোৎপল বৰকাকতি, এম, ডি, আৰ্ট স্কুলৰ অধ্যক্ষ তথা 'নৰ্থ আসাম নাউ'ৰ প্ৰশাসক দ্বিপন দিহিঙ্গীয়া, উপাধ্যক্ষা নমিতা বৰা দিহিঙ্গীয়া আৰু অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে।

উল্লেখ্য যে যোৱা ৫ এপ্ৰিলৰ বৰা ২০এপ্ৰিলৰ ভিতৰত অনলাইনযোগে আয়োজন কৰা মৌ-কুঁৱৰী প্ৰতিযোগিতাখনত লাইক আৰু ভিউজৰ ভিত্তিত গহপুৰৰ গোপালপুৰৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী অৰ্ষিতা ভূঞাই প্ৰথম স্থান লাভ কৰাৰ লগতে গহপুৰৰ মাজিকুছিৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নিহাৰিকা বৰা আৰু দক্ষিন কলাবাৰীৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী অনুজা ভূঞাই যুটীয়াভাবে দ্বিতীয় বিজয়ী হয়।

আনহাতে বিচাৰকৰ বাচনিত অংকিতা কাঠহাজৰিকা স্মৃতি শ্ৰেষ্ঠ মৌকুৱৰী বঁটা লাভ কৰিবলৈ সক্ষম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী শিবানী শইকীয়াই। নাৰায়ণপুৰৰ ছাত্ৰী শিবানী শইকীয়াক অংকিতা কাথহাজৰিকা সোঁৱৰণী শ্ৰেষ্ঠ মৌকুঁৱৰী বঁটা প্ৰদান কৰাৰ সামন্তৰালকৈ গোপালপুৰৰ অৰ্ষিতা ভূঞাক প্ৰথম বিজয়ী,মাজিকুছিৰ নিহাৰিকা বৰা আৰু বৰাচুকৰ অনুজা ভূঞাক দ্বিতীয় বিজয়ী হিচাপে পুৰস্কৃত কৰা হয়।

উক্ত পুৰস্কাৰসমূহত বিজয়ীসকলক এখন ফুলাম গামোচা,এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় 'নৰ্থ আসাম নাউ'ৰ তৰফৰ পৰা।

Also Read: নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ ১৯৮৪ বৰ্ষৰ শিক্ষাৰ্থীৰ পুনৰ মিলন সমাৰোহ

Bohag Bihu