দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি মৰমলগা কণমানি, মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান পিতৃ-মাতৃৰ...

পখিলা খেদাৰ বয়সতে এটি নিষ্পাপ শিশুটি আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত। কণমানি ঘৰ হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ নিবাসী এটি ।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি মৰমলগা কণমানি, মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান পিতৃ-মাতৃৰ...

ডিজিটেল সংবাদ, পলাশবাৰীঃ পখিলা খেদাৰ বয়সতে এটি নিষ্পাপ শিশুটি আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত। কণমানি ঘৰ হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ নিবাসী এটি । ৰোগত আক্ৰান্ত শিশুটি পলাশবাৰীৰ হুদুমপুৰ গাৱঁৰ ব্ৰজেন কলিতা আৰু বৰ্ণালী কলিতাৰ পুত্ৰ । বয়স মাত্ৰ ৯ বছৰ ।

পুত্ৰৰ কথা ভাবি কান্দোনত ভাগি পৰিছে জন্মদাত্ৰী । কোম্পানিত কাম কৰি কোনোমতে পেটৰ ভাত মোকোলোৱা পিতৃ ব্ৰজেন কলিতা এতিয়া উপায়বিহীন ৷

বিগত এসপ্তাহৰ পৰা মহানগৰীৰ ড. বি বৰুৱা কেঞ্চাৰ হাস্পিতালত চিকিৎসাধীন হৈ থকা শিশুটিক উন্নত চিকিৎসাৰ বাবে বহু পৰিমাণৰ ধনৰ প্ৰয়োজন । সেয়ে, নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাইজৰ লগতে শুভকাংশী, দল সংগঠনৰ পৰা বিচাৰিছে আৰ্থিক সহায় ।

সদাশয় লোকে দুৰ্ভগীয়া এই শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে পিতৃ ব্ৰজেন কলিতাৰ এইছ ডি এফ চি বেংকৰ বিজয়নগৰ শাখাত থকা একাউন্ট নম্বৰঃ ৫০১০০৩২২৬২৪৭৩০, IFSC Code- HDFC0002897, গুগল পে নম্বৰ - ৬০০১৫১৯৯৯০ ত সাহায্য আগবঢ়াব পাৰিব । হয়টো আপোনাৰ অলপমান সহায়ে শিশুটিৱে পুনৰ জীৱন পাই উঠিব ৷

দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি মৰমলগা কণমানি, মুখ্যমন্ত্রীলৈ সহায়ৰ আহ্বান পিতৃ-মাতৃৰ...
"প্ৰিপেইড ডিজিটেল মিটাৰ" স্থাপন কৰিলে অধিক বিদ্যুতৰ বিল হ'ব নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in