/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7d413a52-c129-4da0-85bf-fe37ed542d8d/rangia_29.jpg)
ৰাম মন্দিৰ চাবলৈ ৰঙিয়াৰ পৰা ২৫০ গৰাকী তীর্থযাত্রীৰ যাত্ৰা...
ডিজিটেল সংবাদ ৰঙিয়াঃ তীর্থ যাত্ৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিশেষভাৱে চলোৱা লামডিং-কাটাৰা আস্থা ৰে'ল যোগে আজি অযোধ্যাৰ ৰামলালা দৰ্শনৰ বাবে প্ৰথমটো দল ৰঙিয়া ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা কৰে । দিনৰ ১২: ৩০বজাত এই যাত্ৰাত সমগ্র দৰং জিলাৰ মঙ্গলদৈ আৰু ৰঙিয়া মুঠ ৫৫০ গৰাকী ৰামভক্তই নৱনির্মিত শ্রীৰাম মন্দিৰ দৰ্শনৰ বাবে যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/22378ea4-e6e2-42b8-8ec0-654a3f72539f/d6ff495b_672f_48b3_b17a_e21a9d77e722.jpg)
এই যাত্রীসকলৰ সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৰঙিয়া ৰে'ল ডিভিজনৰ ডিজিএম ৰিতু শৰ্মাই । আজিৰ এই শুভ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই দলীয় কাৰ্যসূচীৰ ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পালে তীৰ্থ যাত্ৰা কাৰ্যসূচীৰ ৰঙিয়া ৰে'লৱে ষ্টেচনৰ পৰাই ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/373dd812-6105-4da6-a908-904f0d6b0b3b/b4a5e400_a77f_435f_8bb0_2baf467c0b83.jpg)
আনহাতে অনুষ্ঠানত ৰঙিয়া এক ব্যক্তিগত সংস্থা নাডোৰ সদস্যসকলে ৰাম মন্দিৰ যাবলৈ ওলোৱা তীৰ্থ যাত্ৰাসকলক লঘু আহাৰ বিতৰণ কৰে। প্ৰভু শ্রীৰামচন্দ্রৰ আশীর্বাদসহ তেওঁলোকে ৰাজ্যখনলৈ সৌভাগ্য কঢ়িয়াই উভতি আনক বুলি দৰং জিলাৰ বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই উপস্থিত থাকি সকলোকে শুভেচ্ছা জনায়।
ইফালে এই প্ৰথম অযোধ্যা ৰে'ল যাত্ৰা কাৰ্যসূচীত দৰং আৰু ৰঙিয়া সমষ্টিৰ কেইবাগৰাকীও লোকৰ উপৰি দলীয় কাৰ্যকতাসকল উপস্থিত থাকে।
Also Read: চৰাইদেউ গৰিয়া পথাৰ বৰবাম উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা...