কংগ্ৰেছ, এজিপি এৰি AIUDF লৈ দুই শতাধিক নেতা, কৰ্মী...

কংগ্ৰেছ, এজিপি এৰি AIUDF লৈ দুই শতাধিক নেতা, কৰ্মী...
কংগ্ৰেছ, এজিপি এৰি AIUDF লৈ দুই শতাধিক নেতা, কৰ্মী...

ডিজিটেল সংবাদ মানকাচৰঃ 'ঋণগ্ৰস্থ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে জনতাই। কেৱল আঁচনি ঘোষণা কৰিয়ে চৰকাৰে সামৰিছে দায়িত্ব। এ আই ইউ ডি এফৰ প্ৰতি আকৃষ্ট হৈছে সাধাৰণ লোক।'

অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি পালনৰ আগনিশা মানকাচৰত এগৰাকী কংগ্ৰেছৰ কাউন্সিলাৰসহ দুই শতাধিক কংগ্ৰেছ আৰু অগপৰ নেতা-কৰ্মীয়ে এ আই ইউ ডি এফত যোগদান কৰাৰ পাছত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম এই দাবী ।

মানকাচৰ সমষ্টিৰ ঝালোৰচৰ গাওঁ পঞ্চায়তত কংগ্ৰেছৰ পৰা নিৰ্বাচিত হোৱা কাউন্সিলাৰ নাৰগিছ খান, তেওঁৰ অভিভাৱক ছামিউল আলম মণ্ডলসহ অঞ্চলটোৰ দুই শতাধিক কংগ্ৰেছৰ কৰ্মী বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত এ আই ইউ ডি এফ দলত যোগদান কৰে।

কাউন্সিলাৰগৰাকীৰ নিজা বাসভৱনত মঙলবাৰে নিশা প্ৰায় ১০ বজাত অনুষ্ঠিত হয় এই যোগদানৰ কাৰ্যসূচী। এই যোগদান সভাতেই বাঘাপাৰা গাওঁ পঞ্চায়তৰ পৰা অহা ৰাঙাপানী এলেকাৰ কেইবাগৰাকী অগপৰ কৰ্মীও এ আই ইউ ডি এফত যোগদান কৰে।

যোগদান কাৰ্যসূচীত বিধায়ক আমিনুল ইছলাম, দলৰ জিলা সভাপতি নজমুল আৰপিনসহ কেইবাগৰাকী দলীয় নেতা-কৰ্মী উপস্থিত আছিল। লক্ষণীয় যে, চৰকাৰ বৰ্ষপূৰ্তি পালনত ব্যস্ত থকাৰ সময়ত এ আই ইউ ডি এফে নিজৰ দল শক্তিশালী কৰাৰ বাবে বৰ্ষপূৰ্তিৰ আগনিশা এইদৰে যোগদান কাৰ্যসূচী ৰূপায়ন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

কংগ্ৰেছ, এজিপি এৰি AIUDF লৈ দুই শতাধিক নেতা, কৰ্মী...
ঘিলাধাৰী নৈত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in