/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/7f3f923a-e45f-4400-817a-f30967b377ed/z18.jpg)
ডিজিটেল সংবাদ,নামৰূপঃ চি আৰ পি এফ ১৭১ নং বেটেলিয়নৰ নাগৰিক কাৰ্যসূচীৰ অন্তৰ্গত সোমবাৰে নামৰূপৰ সাৰ নগৰী বৰ নামঘৰ প্ৰাংগণত এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰে। ৫ শতাধিক বিভিন্ন স্থানৰ ৰোগীৰ মধুমেহ, চকু, আদি চিকিৎসা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ১৭১ নং বেটেলিয়ন চি আৰ পি এফৰ চিভিক একচন কাৰ্যসূচীৰ দ্বাৰা সাধাৰণ জনতাৰ সৈতে উমৈহতীয়া সংযোগ স্থাপন আৰু সামাজিক দায়বদ্ধতা বজাই ৰখাৰ কল্পে এনে জনহিতকৰ কাৰ্যসূচী ৰূপায়ন কৰে । আজিৰ কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰবন্ধক মহম্মদ জাকিৰ।
মুখ্য অতিথিৰ ভাষণ প্ৰসংগত মহাপ্ৰবন্ধকগৰাকীয়ে ১৭১ নং বেটেলিয়ন চি আৰ পি এফে লোৱা এনে পদক্ষেপৰ শলাগ লয় আৰু ই সামাজিক দায়বদ্ধতাৰ পৰিচায়ক বুলি মন্তব্য কৰে। পুৱা ১১ বজাৰ পৰা নামঘৰ ৰংমঞ্চত আয়োজিত শিবিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি ভি এফ চি এলৰ ক্ৰমে বিত্ত সঞ্চালক সুভাষ দাস, জ্যেষ্ঠ প্ৰবন্ধক পি কে সি , নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মানৱ সম্পদ বিষয়া স্মিতা বৈশ্য, নডেল অফিচৰ ৰত্ন দ্বীপ ভট্টাচাৰ্য, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক নামৰূপৰ উপ আৰক্ষী অধীক্ষক নব কুমাৰ বৰা , চি আই এছ এফৰ ডেপুটি কামাণ্ডেণ্ট কে তোলন সিং, এচিষ্টেণ্ট কামাণ্ডেণ্ট আটিছ কুমাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
কাৰ্যসূচীত চি আৰ পি এফ ১৭১ নং বেটেলিয়নৰ কমাণ্ডেণ্ট সমীৰ কুমাৰ শ্ৰীবাস্তবে কয় যে এজন নাগৰিকৰ দায়িত্ব হিচাপে চি আৰ পি এফৰ সকলো কৰ্মীয়ে জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন স্থানত এনে ধৰণৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছে। লগতে কয় যে ডিব্ৰুগড় অপেক্ষা নাৰ্ছিং হোম আৰু বি ভি এফ চি এল চিকিৎসালয়ৰ সহযোগত চিকিৎসা সেৱা সমাপন কৰা হয়।