আজি মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত দিল্লী কেপিটেলছ

মুম্বাই দলৰ প্ৰায় খেলুৱৈয়ে সুন্দৰ ফৰ্মত আছে যদিও দিল্লীক সহজভাৱে নলয়

author-image
Asomiya Pratidin
New Update
আজি মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত দিল্লী কেপিটেলছ

ডিজিটেল ডেস্কঃ মহিলা আই পি এলৰ আজি এখন গুৰুত্বপূৰ্ণ মেচত ভাগ ল'ব মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপেটেলছে। নৱী মুম্বাইৰ ডি ৱাই স্পোৰ্টচ কম্পলেক্সত অনুষ্ঠিত হ'ব এই মেচখন।

Advertisment

ইতিমধ্যে দুয়ো দলে ৬খনকৈ মেচ খেলিছে। মুম্বাই ইণ্ডিয়ানছে ৫খন মেচত জয়লাভ কৰাৰ বিপৰীতে এখনত পৰাজিত হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে দিল্লী কেপিটেলছে সমসংখ্যক মেচ খেলি তালিকাৰ দ্বিতীয়স্থানত আছে।

দিল্লী কেপিটেলছে বৰ্তমানলৈকে ৪খন মেচত জয়ী হোৱাৰ বিপৰীতে ২খনত পৰাজয়বৰণ কৰিছে। ইফালে মুম্বাই দলৰ প্ৰায় খেলুৱৈয়ে সুন্দৰ ফৰ্মত আছে যদিও দিল্লীক সহজভাৱে নলয়। মুঠতে আজিৰ এই মেচখন বেচ ৰোমাঞ্চকৰ হ'ব। মেচৰ সময় : সন্ধিয়া ৭-৩০ বজাত ।

Also Read: আই এছ আইৰে সম্পৰ্কলৈ কিদৰে আহিছিল অমৃত পাল সিং?

mumbai indians cricket