গুণোৎসৱত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগত বিহু নাচি মন্ত্ৰমুগ্ধ কৰিলে অতিৰিক্ত উপায়ুক্ত ড০ সূৰ্য কমল বৰাই

গুণোৎসৱত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগত বিহু নাচি মন্ত্ৰমুগ্ধ কৰিলে অতিৰিক্ত উপায়ুক্ত ড০ সূৰ্য কমল বৰাই

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ৰাজ্যত চলি থকা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শনিবাৰে অন্তিমটো দিন। তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ তৃতীয় অৰ্থাৎ অন্তিমটো দিনত এগৰাকী ৰাজপত্ৰিত বিষয়াই নাছিলে বিহু। নাচিলে ঝুমুৰ।

বিহালীৰ বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি উদযাপিত হোৱা গুণোৎসৱত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ লগত হালি-জালি বিহুৰ লগতে ঝুমাৰ নাচি সকলোকে মন্ত্ৰমুগ্ধ কৰা এইগৰাকী ৰাজপত্ৰিত বিষয়াগৰাকী হৈছে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক ড০ সূৰ্য কমল বৰা।

উল্লেখ্য যে বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত বহি মূল্যায়ক হিচাপে উপস্থিত থকা বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা অসম সৰ্বশিক্ষা মিচনৰ জিলা মিচন সমন্বয়ক ড° সূৰ্যকমল বৰাই বিহু আৰু ঝুমুৰ নাচি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি গীত-নৃত্য আৰু সংগীতৰ মাজেৰে কেনেদৰে শিক্ষা গ্ৰহণ কৰিব পাৰি সেয়া উপস্থাপন কৰে।

অতিৰিক্ত উপায়ুক্ত তথা জিলা মিচন সমন্বয়ক ড° সূৰ্যকমল বৰাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহি মূল্যায়ন কৰাই নহয়, নৃত্য-গীতৰ মাজেৰেও যে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব পাৰি তাৰ নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে। অতিৰিক্ত উপায়ুক্ত গৰাকীৰ এনে সৰলতাপূৰ্ণ দৃষ্টিভংগীক সকলোৱে শলাগ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in