
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কোকৰাঝাৰস্থিত বিশাল মেগামাৰ্টৰ সহ প্ৰৱন্ধকৰ। অভিযোগ অনুসৰি বিশাল মেগামাৰ্টৰ মহিলা কৰ্মচাৰীগৰাকীক সহ প্ৰৱন্ধকগৰাকীয়ে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই বুলি অভিযোগ।
অৱশ্য এই ঘটনাৰ কাৰণ সম্পৰ্কে জানিব পৰা হোৱা নাই। ভুক্তভোগী মহিলাগৰাকীয়ে সহ প্ৰৱন্ধক নয়ন পাটোৱাৰী আৰু ষ্ট'ৰ মেনেজাৰৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰজু কৰে। আনহাতে উক্ত ঘটনা সন্দৰ্ভত বিশাল মেগামাৰ্ট কৰ্তৃপক্ষই অস্বীকাৰ কৰে।
আৰু পঢ়কঃ নগাঁৱত বাজপেয়ী ভৱনৰ ভূমি পূজন